কলীয়া ভোমোৰা দলঙত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা

দলঙৰ কাষৰ লোহাৰ ৰেইলিঙত ভাঙি পানীত জাহ গ'ল এখনি মালবাহী ট্ৰাক
কলীয়া ভোমোৰা দলঙত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা
Published on

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত অসমৰ নগাঁও আৰু তেজপুৰ জিলাক সংলগ্ন কৰা কলীয়া ভোমোৰা দলঙত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ কাষৰ লোহাৰ ৰেইলিঙত ভাঙি পানীত জাহ গ'ল এখনি মালবাহী ট্ৰাক।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় যোৱা দেওবাৰে ৰাতিৰ ভাগত। সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে প্ৰত্যক্ষ কৰে কলীয়া ভোমোৰা সেতুৰ ওপৰৰ ভঙা ৰেইলিং আৰু তাৰ পাছতেই হয় উদ্ধাৰ অভিযান।

খবৰটো পোৱাৰ পাছতেই আহি উপস্থিত হয় জেষ্ঠ আৰক্ষী বিষয়া শক আৰু এন ডি আৰ এফ বাহিনীৰ সহায়ত আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান।

তেজপুৰ প্ৰশাসনে লুইতৰ বুকুত অনুসন্ধান চলাই ব্ৰহ্মপুত্ৰৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুৰ্ঘটনা গৃষ্ট হোৱা ট্ৰাক খন, কিন্তু বৰ্তমান সময় লৈকে কোনো ধৰণৰ শুং সূত্ৰ উদ্ধাৰ হোৱা নাই ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনৰ বিষয়ে।

কলীয়া ভোমোৰা সেতুৰ ওপৰত ১০৪টাৰো অধিক লাইট থকাৰ পাছতো প্ৰায় ৩কোটি টকাৰ বিল পৰিশোধ নকৰাৰ বাবেই যোৱা ৬বছৰৰ পৰা কোনো এটা লাইট জ্বলা নাই, দলং খনৰ ওপৰত। যাৰ বাবে ৰাতি হ'লেই অন্ধকাৰত বুৰ যায় কলীয়া ভোমোৰা সেতু। আৰু এই অন্ধকাৰছন্নতাৰ বাবেই সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা।

কলীয়া ভোমোৰা সেতুৰ উপৰত ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল বহু দুৰ্ঘটনা। ভিন্ন দূৰ্ঘটনাত বহু লোকৰ প্ৰাণ লোৱাৰ বাবেই জনাজাত হৈ পৰিছে এই দলং।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com