এই দেৱালীত চিত্ৰগৃহলৈ আহিব সূৰ্যবংশী

অক্ষয় কুমাৰ, অজয় দেৱগন, ৰণবীৰ সিঙৰ 'শ্বটাইম' ঘোষণা |
এই দেৱালীত চিত্ৰগৃহলৈ আহিব সূৰ্যবংশী

অৱশেষত দীঘলীয়া অপেক্ষাৰ পিছত অক্ষয় কুমাৰ, ৰণবীৰ সিং আৰু অজয় দেৱগণে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰি চলচ্চিত্ৰ প্ৰেমীসকলক আচৰিত কৰি তুলিছে। কাৰণ ইয়াৰ জৰিয়তে তেওঁ সকলোকে তেওঁলোকৰ বহু প্ৰতীক্ষিত ছবি সূৰ্যবংশীৰ বাবে ছবিগৃহত উপস্থিত হ'বলৈ আমন্ত্ৰণ জনায়। এসপ্তাহ পূৰ্বে বলীউডৰ প্ৰখ্যাত পৰিচালক ৰোহিত চেট্টীয়ে মহাৰাষ্ট্ৰ আৰু অন্যান্য ৰাজ্যত ছবিগৃহ পুনৰ মুকলি হোৱাৰ ভাল খবৰটো ভাগ বতৰা কৰে।

টুইটাৰত অক্ষয় কুমাৰে ভিডিঅ'টো শ্বেয়াৰ কৰে, য'ত তিনিওজন অভিনেতাক এটা খালী চিনেমা হলত দেখা যায় আৰু প্ৰকাশ কৰে যে তেওঁলোকে ছবিগৃহত চিনেমা এখন চাবলৈ  অপেক্ষা কৰিছে । যিহেতু কোভিড-১৯ মহামাৰীৰ সংক্ৰমণ হ্ৰাস পাইছে, তিনিওজনে সকলো চলচ্চিত্ৰ প্ৰেমীক ৫ নৱেম্বৰ, ২০২১-তছবিগৃহত সূৰ্যবংশী উপভোগ কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ ভিডিঅ'টোৰ শিৰোনাম দিছিল, "ইণ্টাৰভেল হুয়া খাতম, এতিয়া এইটো শ্ব'টাইম! #Sooryavanshi এই দেৱালীত মুক্তি পাব, ৫ নৱেম্বৰ, আপোনাৰ ওচৰৰ ছবিগৃহত। আমাৰ সৈতে উদযাপন কৰিবলৈ আহক। #BackToCinemas"।

চলচ্চিত্ৰখনৰ বিষয়ে ক'বলৈ গ'লে, সূৰ্যবংশী হৈছে অক্ষয় কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰা এখন আৰক্ষী নাটক য'ত কেটৰিনাই তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিব। চলচ্চিত্ৰখনত জেকি শ্ৰফ, জাৱেদ জাফেৰী, গুলচন গ্ৰোভাৰ, নিকিতিন ধিৰ আদিও অভিনয় কৰিছে।

ইয়াৰ আগতে, চলচ্চিত্ৰখন যোৱা বছৰ মুক্তি পোৱাৰ কথা আছিল কিন্তু কৰনা মহামাৰীৰ বাবে, নিৰ্মাতাসকলে মুক্তিৰ তাৰিখ পিছুৱাই দিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com