আবকাৰী শুল্ক হ্ৰাসৰ পাছত অসমত পেট্ৰ'ল, ডিজেলৰ মূল্য আৰু হ্ৰাস

আনহাতে, আবকাৰী শুল্ক কৰ্তনৰ পিছত ইয়াত এক লিটাৰ ডিজেলৰ মূল্য হয় ৮১.২৯ টকা
আবকাৰী শুল্ক হ্ৰাসৰ পাছত অসমত পেট্ৰ'ল, ডিজেলৰ মূল্য আৰু হ্ৰাস

আবকাৰী শুল্ক হ্ৰাসৰ পাছত অসমত পেট্ৰ'পণ্যৰ মূল্য হ্ৰাস পাইছে। 

অসমত পেট্ৰ'লৰ মূল্য আজি প্ৰতি লিটাৰত ৯৪.৫৮ টকা হয়। আনহাতে, আবকাৰী শুল্ক কৰ্তনৰ পিছত ইয়াত এক লিটাৰ ডিজেলৰ মূল্য হয় ৮১.২৯ টকা। এই শুল্ক কৰ্তনৰ পাছত পেট্ৰ'লৰ মূল্য হয় ১০৩.৯৭ টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য হয়গৈ ৮৬.৬৭ টকা। ইপিনে, মুম্বাইত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৯.৯৮ টকালৈ হ্ৰাস কৰা হৈছিল। মূল্য হ্ৰাসৰ পিছত দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ডিজেলৰ মূল্য এক লিটাৰৰ বাবে ৯৪.১৪ টকা আছিল।

পশ্চিমবংগৰ ৰাজধানী কলকাতাত শুকুৰবাৰে এক লিটাৰ পেট্ৰ'লৰ মূল্য আছিল ১০৪.৬৭ টকা। আনহাতে, পূব মহানগৰত এক লিটাৰ ডিজেলৰ মূল্য ৮৯.৭৯ টকা নিৰ্ধাৰণ কৰা হৈছিল।

ডিজেলৰ ওপৰত অসম ৰাজ্যত মূল্য সংযোজন কৰ হাৰ হৈছে ২২.৭৫%। অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলে ডিজেলৰ ওপৰত ভেট হিচাপে ১২.৫০% পৰিশোধ কৰে আৰু সেয়েহে অসমৰ তুলনাত অৰুণাচল প্ৰদেশত ডিজেলৰ মূল্য কম হয়।

আৰু পঢ়িব পাৰেঃ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com