এছিয়ান গেমছত ভাৰতলৈ আৰু এটা স্বৰ্ণপদক

এছিয়ান গেমছত ভাৰতলৈ আৰু এটা স্বৰ্ণপদক
Published on

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা এছিয়ান গেমছত ভাৰতৰ পদক তালিকাত আৰু এটা স্বৰ্ণ পদক যোগ হল।ৰয়িঙত পুৰুষৰ কুৱাডৰপ’ল স্কালত স্বৰ্ণপদক দখল ভাৰতৰ দলটোয়ে। দলটোত আছিল স্বৰ্ণ সিং, দত্তু ভোকানল, ওম প্ৰকাশ আৰু সুখমিত সিং। আজি ষষ্ঠ দিনা ৰয়িঙত ভাৰতলৈ তিনিটা পদক। পুৰুষৰ লাইৱে’ট ছিংগল স্কালত ব্ৰঞ্জৰ পদক লাভ দুশ্যন্তৰ। আনহাতে, পুৰুষৰ লাইটৱে’ট ডাবল্ছ স্কালতো ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় ৰোহিত কুমাৰ আৰু ভগৱান সিঙে। এছিয়ান গেমছত এই পৰ্য্যন্ত ৫টা সোণ, ৪টা ৰূপৰ পদকেৰে২১টা পদক দখল কৰিছে ভাৰতে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com