এছিয়া কাপৰ খিতাপ টিম ইণ্ডিয়াৰ দখলত

এছিয়া কাপৰ খিতাপ টিম ইণ্ডিয়াৰ দখলত
Published on

ডুবাইত অনুস্থিত হোৱা এছিয়া কাপৰ ফাইনেলত ভাৰতে বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিছে। সামগ্ৰিকভাৱে দুৰ্বল বাংলাদেশক পৰাস্ত কৰিবলৈ অন্তিম বললৈকে যুঁজ দিবলগীয়া হয়। বাংলা দলটো পৰাস্ত হলেও সুন্দৰ খেলেৰে সকলো ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়।

বাংলাদেশে প্ৰথমে বেট ধৰি অপেনাৰ লিটন দাসৰ দাৰ্শনীয় শতকৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ২২২ ৰান কৰিবলৈ সক্ষম হয়। লিটনে ১১৭ টা বলত ১২ টা চাৰি আৰু ২ টা ছয়ৰ সহায়ত ১২১ ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে।ভাৰতৰ হৈ কুলদীপ যাদৱে সুন্দৰ বলিঙেৰে ৪৫ ৰানৰ বিনিময়ত তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

২২৩ ৰানৰ সহজ লক্ষ্য আগত ৰাখি বাংলাদেশৰ সুনিয়ন্ত্ৰিত বলিঙৰ সন্মূখত ভাৰতীয় বেটচমেন সকলে সংগ্ৰাম কৰিবলগীয়া হয়।অন্তিম অভাৰত ভাৰতক বিজয়ৰ বাবে ৬ ৰানৰ প্ৰয়োজন আছিল যিতো অন্তিম বলত সংগ্ৰহ কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় মেন ইন ব্লুয়ে । লিটন দাস মেচৰ শ্ৰেষ্ঠ আৰু শিখৰ ধৱন প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com