ভাৰতৰ ব্যয়বহুল ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আইএছএলত কালি গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত জামছেদপুৰ এফ চি আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজত অনুস্থিত খেলখন ১-১ ব্যৱধানত ড্ৰ হিচাপে অন্ত পৰে । কালিৰ মেচখনত আৰম্ভণিৰ পৰাই ঘৰুৱা দল নৰ্থ-ইষ্টে উজ্জ্বীৱিত প্ৰদৰ্শনৰ সহায়ত প্ৰথমাৰ্ধৰ ২০ মিনিটত অধিনায়ক অগবেচৰ দৰ্শনীয় গ’লেৰে ১-০ৰ অগ্ৰগতি প্ৰদান কৰে ।
দ্বিতীয়াৰ্ধতো আক্ৰমণৰ ধাৰা অব্যাহত ৰাখে নৰ্থ-ইষ্ট য়ুনাইটেডে। কিন্তু অখেলুৱৈসুলভ মনোভাৱৰ বাবে এম কমৰিক্সিক খেলৰ দ্বিতীয়াৰ্ধত ৰঙা কাৰ্ড দিয়াত ঘৰুৱা দলটোৱে ১০জন খেলুৱৈৰে যুঁজ দিবলগীয়া হয় মেচৰ বাকী অংশ । এই সুযোগ গ্ৰহণ কৰিয়েই জামছেদপুৰৰ এফ চৌধুৰীয়ে খেলৰ ৪৯ মিনিটত সমতা স্থাপন কৰে ।
পৰৱৰ্তী সময়ত দুয়োটা দলে যথেষ্ট চেষ্টা চলাই যদিও গ’ল দিয়াৰ সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হয় আৰু মেচখন ১-১ গ’লত ড্ৰ হয়। ড্ৰ খেলাৰ ফলস্বৰূপে ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেডে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হ’বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে বৰ্তমানলৈ চাৰিখন মেচ খেলি দুখনত জয়লাভ কৰাৰ বিপৰীতে আন দুখন ড্ৰ খেলাৰ সুবাদতে ৮ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হয় ।
আনহাতে, অহা ৩০ অক্টোবৰত নৰ্থ-ইষ্ট য়ুনাইটেডে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত দিল্লী ডাইনামোছ এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব ।