দল : পৰ্টুগাল
শ্ৰেষ্ঠ বিশ্বকাপ : তৃতীয় স্হান (১৯৬৬)
কিদৰে যোগ্যতা অৰ্জন কৰিছে : ইউৰোপিয়ান চেম্পিয়ন পৰ্টুগালে যোগ্যতা নিৰ্নায়ক মেচৰ ১০ খনৰ ৯ খনত বিজয়ী হৈছে।
কি আশা কৰিব পাৰি : যি ফৰ্মুলাৰ সহায়ত ইউৰোত বিজয়ী হৈছিল সেই একেই ফৰ্মুলা এইবাৰো ব্যৱহাৰ কৰিব।ৰনাল্ডোৰ দৰে মহাতাৰকা আছে দলত।
তাৰকা কোন : নিঃসন্দেহে মহাতাৰকা ৰোনাল্ডো।
সফলতা কেনেধৰনৰ : যিকোনো সময়ত ভয়াৱহ হৈ উঠিব পাৰে।ৰোনাল্ডো আছে দলত।
দল : স্পেইন
শ্ৰেষ্ঠ বিশ্বকাপ : বিজয়ী (২০১০)
কি দৰে যোগ্যতা অৰ্জন কৰিছে : কোৱালিফায়িংৰ অন্তিম খন খেলত ইটালিক ৩-০ হৰুৱাই ৰাচিয়ালৈ আহিছে।
কি আশা কৰিব পাৰি : সুন্দৰ পাছ,কন্টল আৰু টেকনিক অব্যাহত থাকিলে ভয়াৱহ হৈ উঠিব।
তাৰকা কোন : পিকে,ৰামচ,ইচকৌৰ দৰে তাৰকা আছে।
সফলতা কেনেধৰনৰ : স্পেইনৰ বিজয়ী হোৱাৰ শক্তি আছে।এককথাত ফেবাৰেট।
দল : ইৰান
শ্ৰেষ্ঠ বিশ্বকাপ : গ্ৰুপ ষ্টেজ (১৯৭৮,১৯৯৮,২০০৬,২০১৪)
কিদৰে যোগ্যতা অৰ্জন কৰিছে : প্ৰশিক্ষক কাৰ্লচ কোৱাৰাইজৰ দল ইৰানে এইবাৰ পঞ্চম বাৰৰ বাবে বিশ্বকাপলৈ আহিছে।
কি আশা কৰিব পাৰি : ইৰান সংযমি প্ৰতিভাশালী দল।এছিয়াৰ শ্ৰেষ্ঠ দলটোৰ ওপৰত বহুত আশা আছে।এছিয়াৰ সমৰ্থক সকলৰ।
তাৰকা কোন : ফৰৱাৰ্ড চৰ্দাৰ আজমুনক ইৰানৰ মেচি হিচাপে জনাজাত।তেওঁৰ গ'ল দিয়াৰ ক্ষমতা আছে।
সফলতা কেনেধৰনৰ: এইবাৰ ইৰানৰ পৰা সমৰ্থক সকলে গ্ৰুপ ষ্টেজ পাৰ কৰি ন'কআউট পৰ্যায় লৈ যোৱাটোৱে আশা কৰিছে।
দল : মৰকো
শ্ৰেষ্ঠ বিশ্বকাপ : ৰাউণ্ড ১৬(১৯৮৬)
কিদৰে যোগ্যতা অৰ্জন কৰিছে : যোগ্যতা নিৰ্ণায়ক খেলত সুন্দৰ খেল প্ৰৰ্দশনে আইভৰি কষ্টৰ দৰে দলক পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে বিশ্বকাপলৈ আহিছে মৰকো।
কি আশা কৰিব পাৰি: ফ্ৰাণ্সৰ প্ৰশিক্ষক হাফ ৰেনাৰ্ডৰ তত্বৱধানত মৰকো দলৰ পৰা বিশেষ আশা কৰিব নোৱাৰি যদিও অঘটন ঘটোৱাটো নিশ্চিত।
তাৰকা কোন : জুভেনটাছ দলৰ ডিফেণ্ডাৰ বেনাটিয়া নেতৃত্ব আৰু তেওঁ খেলে হব দলৰ মুল ভৰসা।
সাফল্য কেনেধৰনৰ :ড্ৰ খেলি ৰক্ষা ন'হব এইবাৰ মৰকোৰ, গ্ৰুপত আছে পৰ্তগাল,স্পেইনৰ দৰে আগশাৰী দল।