মাজুলীত ৰুনজুন পেগুক উস্ম আদৰনি

মাজুলীত ৰুনজুন পেগুক উস্ম আদৰনি

লক্ষ্ণৌত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ত মাজুলীৰ ৰুনজুন পেগুৱে স্বৰ্ণ পদক অৰ্জন কৰি মাজুলী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।মাজুলীৰ জেংৰাইমুখ ৰ জীয়ৰীক আজি বিভিন্ন দল সংগঠনে উস্ম আদৰণি জনায় । মিছিং স্বায়ত্বশাসিত পৰিষদ, টি এম পি কে ,টি এম এম কে ,আদি দল সংগঠনে কমলাবাৰী ফেৰী ঘাটত আদৰণি জনায় ।

সম্পূৰ্ণ মিছিং জাতীয় পোছাক পৰিধ্যান কৰি সুদুৰ পাটিয়ালাত প্ৰশিক্ষন লৈ থকাৰ পৰা কমলাবাৰী ফেৰী ঘাটেৰে মাজুলীলৈ আহে । মিছিং গোমৰাগ নৃত্যৰ লগতে সাংস্কৃতিক কাৰ্যসুচীৰে আদৰনি জনায় । আৰু দুশৰো অধিক বাইক ৰেলী কৰি ৰুনজুনক লৈ আহে ।

কমলাবাৰী গড়মূৰ আৰু ফুলনিত মাজুলীৰ বহু কেইটা সাংস্কৃতিক সামাজিক ক্ৰীড়া অনুষ্ঠানে সৰ্ম্বদ্বনা জনাব। জেংৰাইমুখ ত মিছিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত এখনি সম্বদ্ধনা সভাৰ আয়োজন কৰিছে । মিছিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া ই অংশ গ্ৰহন কৰিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com