হিমা দাসলৈ ১ কোটি ৬০ লাখৰ পুৰষ্কাৰ ঘোষণা

হিমা দাসলৈ ১ কোটি ৬০ লাখৰ পুৰষ্কাৰ ঘোষণা

স্বৰ্ণ বিজয়ী তথা অসম কন্যা হিমা দাসলৈ আগবঢ়াব ১ কোটি ৬০ লাখ টকাৰ আৰ্থিক বৰঙণি।এই পুৰস্কাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অহা ৭ ছেপ্টেম্বৰত গুৱাহাটীত ৰাজ্যিক মৰ্যাদাৰে হিমাক আদৰণি জনাব ৰাজ্য তথা অসম চৰকাৰে। সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।আজি উপস্থিত হ’বহি অসম কন্যাগৰাকী। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্‍ কৰিব হিমাই।ইন্দোনেছিয়াৰ জাকাৰ্টত অনুষ্ঠিত হৈ যোৱা ১৮সংখ্যক এছিয়ান গেমছত অসম কন্যা হিমা দাসে এটা স্বৰ্ণ পদক আৰু দুটা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com