বক্সাৰ-অসম কন্যা লাভলীনা বৰগোহাঁইলৈ অৰ্জুন বঁটা

নতুন দিল্লীত অনুষ্ঠিত ফাৰ্ষ্ট ইণ্ডিয়া অপেন ইণ্টাৰনেচেল বক্সিং প্ৰতিযোগিতাত লাভলীনাই সোণৰ পদক লাভ কৰে।
বক্সাৰ-অসম কন্যা লাভলীনা বৰগোহাঁইলৈ অৰ্জুন বঁটা
Published on

দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটাৰে ধন্য হৈছে আৰু এগৰাকী অসম সন্তান। প্ৰতিভাবান বক্সাৰ তথা অসমৰ সৰুপথাৰৰ কন্যা লাভলীনা বৰগোহাঁইলৈ ভাৰত চৰকাৰে চলিত বৰ্ষৰ অৰ্জুন বঁটা আগবঢ়াইছে। এনেদৰে ২২ বছৰীয়া সুদক্ষ বক্সাৰগৰাকীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শন কৰা সফলতাৰ বাবে বক্সাৰগৰাকীক এই সন্মান প্ৰদান কৰা হৈছে। উল্লেখ্য যে নতুন দিল্লীত অনুষ্ঠিত ফাৰ্ষ্ট ইণ্ডিয়া অপেন ইণ্টাৰনেচেল বক্সিং প্ৰতিযোগিতাত লাভলীনাই সোণৰ পদক লাভ কৰে। তদুপৰি তেওঁ গুৱাহাটীত অনুষ্ঠিচ দ্বিতীয় ভাৰত অপেন ইণ্টাৰনেচেল বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে।

অতি শেহতীয়াভাবে তেওঁ ৰাছিয়াত অনুষ্ঠিত এ আই বি এ উইমেনছ বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে। তদুপৰি অলিম্পিকত বক্সিং প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ লাভ কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা। ইপিনে, এইবাৰৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছে তাৰকা বেটছমেন ৰোহিত শৰ্মাক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com