মঙলদৈ এম এছ এ (MSA) ষ্টেডিয়ামত অনুষ্ঠিত দৰং কাৰাটে ডো চেম্পিয়নশ্বিপ

দৰং জিলা কাৰাটে ডো সন্থাই আয়োজন কৰা চেম্পিয়নশ্বিপত ৮৪ গৰাকী প্ৰতিযোগীয়ে নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে পদক আৰু প্ৰমাণ পত্ৰ লাভ কৰে
মঙলদৈ এম এছ এ (MSA) ষ্টেডিয়ামত অনুষ্ঠিত দৰং কাৰাটে ডো চেম্পিয়নশ্বিপ
Published on: 

মঙলদৈঃ দেওবাৰে এম এছ এ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২য় দৰং জিলা কাৰাটে ড' চেম্পিয়নশ্বিপ ২০২২ৰ বিভিন্ন শাখাত আধিপত্যৰ যুদ্ধত আত্মপ্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰি সমৰ কলাৰ মুঠ ৩৪০ গৰাকী উদীয়মান প্ৰতিভাৰ আবিৰ্ভাৱ হয়। দৰং জিলা কাৰাটে ডো সন্থাই আয়োজন কৰা দিনজোৰা চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনেৰে মুঠ ৮৪ গৰাকী প্ৰতিযোগীয়ে পদক আৰু প্ৰমাণ পত্ৰ লাভ কৰে। ইয়াৰ পূৰ্বে সন্থাৰ সভাপতি তথা মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰু জ্যোতি দাসে বিষয়ববীয়া, অংশগ্ৰহণকাৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত চেম্পিয়নশ্বিপ উদ্বোধন কৰে।

দেৱব্ৰত দত্তই লংঘন কৰা বঁটা বিতৰণী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুৰু জ্যোতি দাস, আৰক্ষী অধীক্ষক প্ৰসান্ত শইকীয়া, অতিৰিক্ত উপাযুক্ত বিবেক শ্যাম পাংগয়ক, সদৌ অসম কাৰাটে ডো সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰী, অষ্টশ বছৰীয়া ক্ৰীড়াবিদ বীৰেণ মেধি, সাংবাদিক ভাৰ্গব কুমাৰ দাসে আগবঢ়ায় বিজয়ী অংশগ্ৰহণকাৰীসকলক পদক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com