ৰিলে সাঁতোৰত নৰ্থ চেনেল অতিক্ৰম কৰিলে এলভিছ আলী হাজৰিকাই

চেনেলপাৰ হ'বলৈ এলভিছ আলী হাজৰিকা আৰু তেওঁৰ ৰিলে অংশীদাৰক প্ৰায় ১৪ ঘণ্টা ৩৮ মিনিট সময় লাগিছিল
ৰিলে সাঁতোৰত নৰ্থ চেনেল অতিক্ৰম কৰিলে এলভিছ আলী হাজৰিকাই
Published on

গুৱাহাটীঃ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই নিজৰ কেৰিয়াৰত আন এক কৃতিত্ব স্পৰ্শ কৰিলে। এইবাৰ ৰিলে সাঁতোৰত নৰ্থ চেনেল অতিক্ৰম কৰিলে সাঁতোৰবিদগৰাকীয়ে। এলভিছ আৰু তেওঁৰ ৰিলে পাৰ্টনাৰ চেনেল পাৰ হ'বলৈ প্ৰায় ১৪ ঘণ্টা ৩৮ মিনিট সময় লাগিল। এটা চমু প্ৰতিক্ৰিয়াত এলভিছে কয়, " মই বহুদিনৰ পৰা দিনটোৰ বাবে অপেক্ষা কৰি আছো। বহু প্ৰচেষ্টাৰ অন্তত অৱশেষত মই চেনেলটো পাৰ হোৱাত সফল হৈছো।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com