Begin typing your search above and press return to search.

৩৮ বছৰীয়া হ'ল প্ৰাক্তন ক্ৰিকেট তাৰকা য়ুচুফ পাঠান, বিভিন্নজনৰ শুভেচ্ছা

২০০৮ৰ আই পি এলত ৪৫৮ ৰাণ কৰাৰ লগতে ৮ টা উইকেট লয়। উক্ত আই পি এলত তেওঁ সবাতোকৈ দ্ৰূত অৰ্ধ-শতক কৰিছিল।

৩৮ বছৰীয়া হল প্ৰাক্তন ক্ৰিকেট তাৰকা য়ুচুফ পাঠান, বিভিন্নজনৰ শুভেচ্ছা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2021 7:39 AM GMT


জীৱনৰ ৩৮ টা বছৰ পূৰ্ণ কৰিলে প্ৰাক্তন ক্ৰিকেট তাৰকা য়ুচুফ পাঠানে ৷ আজি জন্মদিন উপলক্ষে তেওঁলৈ বিভিন্নজনে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে ১৯৮২ৰ ১৭ নৱেম্বৰত গুজৰাটৰ বৰোদাত য়ুচুফ পাঠানৰ জন্ম হয় ৷ ২০০২ত য়ুচুফ পাঠানে ক্ৰিকেট জগতত অভিষেক ঘটায়। ২০ বছৰ ক্ৰিতকেট জগতত সক্ৰিয় হৈ থকাৰ অন্তত তেওঁ ২০২১ৰ ফেব্ৰুৱাৰীত অৱসৰ ঘোষণা কৰে। ২০০৮ৰ ১০ জুনত পাঠানৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটে। উক্ত দিনা বাংলাদেশৰ ঢাকাত ভাৰত-পাকিস্তানৰ খেল আছিল।

য়ুচুফ পাঠানে আই পি এলত কৰা প্ৰদৰ্শনৰ বাবে তেওঁ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছিল। ২০০৮ৰ আই পি এলত ৪৫৮ ৰাণ কৰাৰ লগতে ৮ টা উইকেট লয়। উক্ত আই পি এলত তেওঁ সবাতোকৈ দ্ৰূত অৰ্ধ-শতক কৰিছিল। সেইবাৰ তেওঁ ৰাজস্থান ৰয়েলছ দলত আছিল। চুক্তি কৰিছিল ১.৯ কোটি টকাৰ। ২০১৩-ত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে খেলি এটা অভিলেখ স্থাপন কৰে। যুচুফ পাঠানৰ ভ্ৰাতৃ ইৰফান পাঠানো ভাৰতীয় ক্ৰিকেট দলৰ সদস্য।


আৰ পঢ়িব পাৰেঃ ৰাজপথত ৰেচিং! খানাপাৰাত দুৰ্ঘটনাত গুৰুতৰভাবে আহত তিনিজন

Next Story
চাকৰি