গ্লেমৰ্গানে(Glamorgan) গিলৰ স্বাক্ষৰ নিশ্চিত কৰে
৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ৱৰ্চেষ্টাৰশ্বাৰৰ বিৰুদ্ধে তেওঁলোকৰ কাউন্টি চেম্পিয়নশ্বিপৰ মেচৰ পৰা গ্লেমৰ্গনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিব গিলে।

কাৰ্ডিফ,(CARDIFF) ২ ছেপ্টেম্বৰ: শুকুৰবাৰে ইংৰাজী কাউন্টিৰ দল গ্লেমৰ্গানে তেওঁলোকৰ চলি থকা কাউন্টি চেম্পিয়নশ্বিপ ছিজনৰ অন্তিম চাৰিখন মেচৰ বাবে ভাৰতৰ ওপেনিং বেটছমেন শুবমেন গিলক চুক্তিবদ্ধ কৰাটো নিশ্চিত কৰে। ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ৱৰ্চেষ্টাৰশ্বাৰৰ বিৰুদ্ধে তেওঁলোকৰ কাউন্টি চেম্পিয়নশ্বিপৰ মেচৰ পৰা গ্লেমৰ্গনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিব গিলে।
চেতেশ্বৰ পূজাৰা (ছাচেক্স), ৱাশ্বিংটন সুন্দৰ (লেংকাশ্বাৰ), কৃণাল পাণ্ড্যা (ৱাৰউইকশ্বাৰৰ হৈ ৫০ অভাৰৰ মেচ), উমেশ যাদৱ (মিডলছেক্স), নৱদীপ ছাইনী ( কেণ্ট) আৰু মহম্মদ ছিৰাজ (ৱাৰউইকশ্বাৰ কাউন্টিৰ মেচ)।
ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী (১৯৮৭-৯১) আৰু ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী (২০০৫)ৰ পিছত কাউন্টি চেম্পিয়নশ্বিপত গ্লেমৰ্গানৰ হৈ খেলা তৃতীয়জন ভাৰতীয় হিচাপেও গিল হৈ পৰে। আইএএনএছ
লগতে পঢ়ক:টিম ডেভিদৰ পাণ্ডিয়াৰ দৰেই একে ফ্ৰিকি এবিলিটি আছে, পোলাৰ্ড: কেৰী(Pollard: Carey)