গুৱাহাটী দবা জুনিয়ৰ আৰু মহিলাৰ সামৰণি চাউথ পইণ্ট স্কুলত

গুৱাহাটী দবা জুনিয়ৰ আৰু মহিলাৰ সামৰণি চাউথ পইণ্ট স্কুলত

৭ বছৰ অনুৰ্ধ, ৯ বছৰ অনুৰ্ধ, ১১ বছৰ অনুৰ্ধ, ১৩ বছৰ অনুৰ্ধ ১৫ বছৰত ল’ৰা-ছোৱালী আৰু মহিলা উভয় শাখাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
Published on

গুৱাহাটীঃ বৰসপাৰাৰ চাউথ পইণ্ট স্কুলত কালি জুনিয়ৰ আৰু মহিলাৰ বাবে গুৱাহাটী বাছনি দবা চেম্পিয়নশ্বিপ-২০২২ৰ সামৰণি পৰে। সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটী দলক এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত কৰা হ'ব।

৭ বছৰ অনুৰ্ধ, ৯ বছৰ অনুৰ্ধ, ১১ বছৰ অনুৰ্ধ, ১৩ বছৰ অনুৰ্ধ ১৫ বছৰত ল'ৰা-ছোৱালী আৰু মহিলা উভয় শাখাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

অনূৰ্ধ্ব ৭ বয়ছ শাখাত প্ৰাচুৰজী চাংমাইয়ে ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। অনূৰ্ধ্ব ৭ ছোৱালী শাখাত ধন্যতা গোস্বামীয়ে ৪ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে।

অনূৰ্ধ্ব ৯ বয়ছত আৰোহনে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে আৰু ছোৱালী শাখাত ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে ঋতিশা মায়ৰা ৰাজবংশীয়ে।

অনূৰ্ধ্ব ১১ বয়ছত তন্ময় ৰাজবংশীয়ে ৫ পইণ্টেৰে খিতাপ দখল কৰাৰ লগতে তামান্না শৰ্মাই ২.৫ পইণ্টেৰে ছোৱালীৰ খিতাপ দখল কৰে।

১৩ বছৰ অনুৰ্ধৰ ল'ৰা শাখাত হিমানীশ শৰ্মাই (৪ পইণ্ট) প্ৰথম স্থান লাভ কৰাৰ লগতে ছোৱালীৰ শাখাত ৫ পইণ্ট লাভ কৰা আফশ্বীন আফছা জামানে চেম্পিয়ন হৈ উত্থাপন কৰে।

১৫ বছৰ অনুৰ্ধৰ বয়ছত শুভম ভট্টাচাাৰ্জীয়ে ৩.৫ পইণ্টেৰে প্ৰথম স্থান দখল কৰাৰ লগতে ঋষা বুজাৰ বৰুৱাই ২.৫ পইণ্ট সংগ্ৰহ কৰি মহিলা খিতাপ দখল কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com