হাগাৰু(hagaru )গৌৰ স্মৃতি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বেচৰকাৰী সংস্থা ‘আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ তত্বাৱধানত আয়োজন কৰা এই প্ৰতিযোগিতাত মুঠ ১৬টা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।
হাগাৰু(hagaru )গৌৰ স্মৃতি ফুটবল প্ৰতিযোগিতাৰ সামৰণি
Published on

তেজপুৰঃ বিশ্ব খিলঞ্জীয়াৰ আন্তৰ্জাতিক দিৱস উপলক্ষে ঢেকীয়াজুলিৰ মনুজুলি গুপছৰ খেলপথাৰত যোৱা ৯ আগষ্টত আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামী ঝগৰু গৌড়ৰ স্মৃতিত অনুষ্ঠিত হোৱা প্ৰথমখন বাৰ্ষিক ফুটবল প্ৰতিযোগিতা দেওবাৰে সামৰণি পৰে।

বেচৰকাৰী সংস্থা 'আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যন'ৰ তত্বাৱধানত আয়োজন কৰা এই প্ৰতিযোগিতাত মুঠ ১৬টা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে। হুগ্ৰাজুলি চাহ বাগিচা আৰু মনমোহিনীপুৰ চাহ বাগিছাৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অন্তিমখন খেলত পেনাল্টি শ্বুট আউটত ৪-৩ গ'লত জয়লাভ কৰি চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে হুগ্ৰাজুলি চাহ বাগিচা।

আই টি বি পিৰ কামাণ্ডেণ্ট ডাঃ দীপক কুমাৰ পাণ্ডেয়ে বিজয়ী দলটোক ট্ৰফী আৰু ২০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ বিপৰীতে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাই ৰানাৰ্ছ আপক ট্ৰফী আৰু ১৪ হাজাৰ ১ টকাৰ এখন চেক প্ৰদান কৰে। বিজয়ী দলটোক শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰে সোণৰ পদক প্ৰদান কৰাৰ লগতে ৰানাৰ্ছ আপ দলটোৰ সদস্যসকলৰ মাজত আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতি ডি কে চৌহানে ৰূপৰ পদক বিতৰণ কৰে।

অনুষ্ঠানত কমাণ্ডেণ্ট, এছ এছ বি, উমেশ থাপালিয়াল, ডেপুটি কমাণ্ডেণ্ট (ষ্টাফ ), এছ এছ বি, ডাঃ অজিত হেমৰমৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথিও উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com