Begin typing your search above and press return to search.

পিতৃ হ'ল তাৰকা ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া, অগনন অনুৰাগীৰ শুভেচ্ছা

পাণ্ডিয়া আৰু নাটাছা ষ্টেনকোভিকৰ যুগ্মজীৱনৰ সাক্ষীৰূপে আজি প্ৰথমটি সন্তান আহে

পিতৃ হল তাৰকা ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া, অগনন অনুৰাগীৰ শুভেচ্ছা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-30T17:12:54+05:30

পিতৃত্ব অৰ্জনৰ গৌৰৱেৰে গৌৰান্বিত হ'ল অগনন ক্ৰিকেট প্ৰেমীৰ নয়নৰ মণি হাৰ্ডিক পাণ্ডিয়া। ভাৰতীয় ক্ৰিকেটৰ দলৰ অন্যতম মহাতাৰকা পাণ্ডিয়া আজি পিতৃ হয়। পাণ্ডিয়া আৰু নাটাছা ষ্টেনকোভিকৰ যুগ্মজীৱনৰ সাক্ষীৰূপে আজি প্ৰথমটি সন্তান আহে। দুয়ো এটি পুত্ৰ সন্তানৰ পিতৃত্ব আৰু মাতৃত্ব অৰ্জন কৰিছে। এই কথা টুইটাৰত প্ৰকাশ কৰি পাণ্ডিয়াই কয় , "আমাৰ সংসাৰলৈ এটি ল'ৰা সন্তান আহিছে।" নৱজাকটিৰ ফটোও দুয়ো টুইটাৰত শ্বেয়াৰ কৰিছে। এই খবৰ পোৱাৰ পাছতে অগনন অনুৰাগীয়ে দম্পতীহাললৈ শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে।

Next Story