এছিয়ান গেমছৰ উন্নীত পদক ক'ৱিড যুঁজাৰুলৈ উত্সৰ্গা হিমা দাসৰ

হিমাই এই স্বৰ্ণ পদক ক’ৱিড-১৯ যুঁজাৰু তথা চিকিত্সক, নাৰ্ছ, আৰক্ষী আদিলৈ উত্সৰ্গা কৰিছে।
এছিয়ান গেমছৰ উন্নীত পদক ক'ৱিড যুঁজাৰুলৈ উত্সৰ্গা হিমা দাসৰ

ক্ৰীড়া প্ৰেমীসকলৰ মাজত দৌৰৰাণী অসম কন্যা হিমা ইমান কিয় প্ৰিয়, সেয়া পুনৰ তেওঁ নিজেই প্ৰতিপন্ন কৰিলে। হিমাই ২০১৮-ৰ এছিয়ান গেমছত যি পদক কৰিছিল, সেই পদক দৌৰৰাণীয়ে ক'ৱিড-১৯ যুঁজাৰুসকললৈ উত্সৰ্গা কৰিছে।উল্লেখ্য যে হিমাই এছিয়ান গেমছত লাভ কৰা ৰূপৰ পদক শেহতীয়াভাবে স্বৰ্ণ পদকলৈ উন্নীত হৈছে। সম্প্ৰতি হিমাই এই স্বৰ্ণ পদক ক'ৱিড-১৯ যুঁজাৰু তথা চিকিত্সক, নাৰ্ছ, আৰক্ষী আদিলৈ উত্সৰ্গা কৰিছে।

এই কথা সদৰী কৰি এটা টুইটত হিমাই কয়, ' মই মোৰ স্পৰ্ণ পদক ক'ৱিডৰ বিৰুদ্ধে যুঁজ ডি থকা চিকিত্সক, নাৰ্ছকে ধৰি অন্যান্যসকললৈ উত্সৰ্গা কৰিছো"। এনে কাৰ্যৰ বাবে অসংখ্যজনে ছোচিয়েল মিডিয়াত প্ৰশংসাৰে উপচাই পেলাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com