Begin typing your search above and press return to search.

ভাৰতীয় টেনিছৰ মহান নৰেশ কুমাৰৰ মৃত্যু

আগৰ দিনবোৰত খেলি থকা নৰেশে, উইম্বলডনত সৰ্বোত্তম প্ৰদৰ্শন কৰিছিল ১৯৫৫ চনত যেতিয়া তেওঁ পুৰুষৰ একক শাখাত চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছিল

ভাৰতীয় টেনিছৰ মহান নৰেশ কুমাৰৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2022 11:03 AM GMT

নতুন দিল্লীঃ অলিম্পিক পদক বিজয়ী লিয়াণ্ডাৰ পেছৰ গুৰু হিচাপে কৰ্মৰত প্ৰাক্তন ভাৰতীয় টেনিছ খেলুৱৈ তথা ডেভিছ কাপৰ অধিনায়ক নৰেশ কুমাৰৰ বুধবাৰে কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৯৩ বছৰ।তেওঁৰ পত্নী সুনীতা, পুত্ৰ অৰ্জুন, আৰু দুগৰাকী কন্যা -- গীতা আৰু প্ৰেহ। অল ইণ্ডিয়া টেনিছ এছ'চিয়েশ্যনে ভাৰতীয় টেনিছ কিংবদন্তিৰ অৱসানত শোক প্ৰকাশ কৰি ইয়াক এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে

"ইণ্ডিয়ান টেনিছ লিজেণ্ড আৰু ডেভিছ কাপৰ প্ৰাক্তন অধিনায়ক নৰেশ কুমাৰৰ দুখজনক মৃত্যুৰ বিষয়ে আমি জানিব পাৰিছো। ইণ্ডিয়ান টেনিছৰ বাবে ই এক অপূৰণীয় ক্ষতি। আমি তেওঁৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু বিশ্বজুৰি তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।" ," টুইটযোগে এইদৰে কয় আইটাই।

১৯৪৯ চনত কুমাৰে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰু উত্তৰ চেম্পিয়নশ্বিপৰ শেষৰ পৰ্যায়ত স্থান লাভ কৰি প্ৰাধান্য লাভ কৰে। ১৯৫২ চনত ডেভিছ কাপত ভাৰতৰ হৈ অভিষেক ঘটাই দলটোৰ মূল ভেটি আছিল।

মুক্ত যুগৰ আগৰ দিনবোৰত খেলি, য'ত কেৱল অপেশাদাৰকহে অনুমতি দিয়া হৈছিল, উইম্বলডনত নৰেশৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ১৯৫৫ চনত যেতিয়া তেওঁ পুৰুষৰ একক শাখাত চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছিল। পুৰুষৰ ডাবলছত নৰেশ কুমাৰে তিনিবাৰকৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে - ১৯৫৩ চনত নৰেন্দ্ৰ নাথৰ সৈতে আৰু ১৯৫৫ আৰু ১৯৫৮ চনত ৰমানাথন কৃষ্ণনৰ সৈতে।

১৯৬৯ চনত কুমাৰে নিজৰ নামত পাঁচটা খিতাপ লৈ অৱসৰ গ্ৰহণ কৰে আৰু পিছলৈ টেনিছত প্ৰশিক্ষক আৰু নন-প্লেইং ভূমিকা, যেনে লেখা আৰু ধাৰাভাষ্যৰ প্ৰতি মনোযোগ দিয়ে। ১৯৯০ চনত ইণ্ডিয়ান ডেভিছ কাপ দলৰ নন-প্লেইং অধিনায়ক আছিল, যেতিয়া লিয়াণ্ডাৰ পেইছে প্ৰতিযোগিতাখনত অভিষেক ঘটায়।

কিংবদন্তি খেলুৱৈগৰাকীয়ে ২০২০ চনত ভাৰত চৰকাৰে দ্ৰোণাচাৰ্য লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰি এই সন্মান লাভ কৰা প্ৰথমজন টেনিছ প্ৰশিক্ষক হিচাপে পৰিগণিত হয়। আইএএনএছ

লগতে পঢ়ক:উথাপ্পাই 'ভাৰতীয় ক্ৰিকেটৰ (All Forms Of Indian Cricket') পৰা অৱসৰ লয়

Next Story
চাকৰি