১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আই পি এল, আঠ নৱেম্বৰত ফাইনেল

আই চি চিয়ে এইবাৰৰ টি-২০ বিশ্বকাপ স্থগিত কৰিছে।
১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আই পি এল, আঠ নৱেম্বৰত ফাইনেল
Published on

অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰব আমিৰ শ্বাহীত আৰম্ভ হ'ব বহু প্ৰত্যাশিত ইণ্ডিয়ান আই পি এল(আই পি এল)-ৰ ২০২০ৰ টুৰ্ণামেণ্ট। ইয়াৰ ফাইনেল আঠ নৱেম্বৰত অনুষ্ঠিত হ'ব । এই কথা সদৰী কৰি আই পি এলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে সংবাদ মাধ্যমৰ আগত কয় যে ১৯ ছেপ্টেমৰ, শনিবাৰৰ পৰা এই টুৰ্ণামেণ্ট আৰম্ভ হব আৰু ফাইনেল খেল ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব। এই টুৰ্ণামেণ্ট ৫১ দিনীয়া হব। অৱশ্যে এই টুৰ্ণামেণ্টৰ বাবে চৰকাৰে এতিয়াও সেউজ সংকেত দিয়া নাই বুলি আই ই পি এলৰ মুৰব্বীজনে সদৰী কৰে। আনহাতে, আই পি এলৰ গৱৰ্ণিং বডীৰ বৈঠক অহা সপ্তাহত অনুষ্ঠিত হব। এই বৈঠকত ইয়াৰ সূচী প্ৰস্তুত কৰা হব বুলি পেটেলে জনায়।

উল্লেখ্য যে আই চি চিয়ে এইবাৰৰ টি-২০ বিশ্বকাপ স্থগিত কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আই পি এল চূড়ান্ত হৈছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com