বক্সাৰ লাভলীনাক অৰ্জুন বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

অলিম্পিকত বক্সিং প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা।
বক্সাৰ লাভলীনাক অৰ্জুন বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ
Published on: 

অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইক আজি শনিবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কৱিন্দে অৰ্জুন বঁটা প্ৰদান কৰে। ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এক ভাৰ্চুৱেল অনষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে খ্যাতিমান বক্সাৰ তথা অসমৰ সৰুপথাৰৰ কন্যা লাভলীনাক চলিত বৰ্ষৰ অৰ্জুন বঁটা প্ৰদান কৰে। এনেদৰে ২৩ বছৰীয়া সুদক্ষ বক্সাৰগৰাকীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শন কৰা সফলতাৰ বাবে বক্সাৰগৰাকীক এই সন্মান প্ৰদান কৰা হৈছে।

উল্লেখ্য যে নতুন দিল্লীত অনুষ্ঠিত ফাৰ্ষ্ট ইণ্ডিয়া অপেন ইণ্টাৰনেচেল বক্সিং প্ৰতিযোগিতাত লাভলীনাই সোণৰ পদক লাভ কৰে। তদুপৰি তেওঁ গুৱাহাটীত অনুষ্ঠিচ দ্বিতীয় ভাৰত অপেন ইণ্টাৰনেচেল বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে। অতি শেহতীয়াভাবে তেওঁ ৰাছিয়াত অনুষ্ঠিত এ আই বি এ উইমেনছ বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে। তদুপৰি অলিম্পিকত বক্সিং প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com