Begin typing your search above and press return to search.

ৰেলৱে, নাৰেংগী জয় আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগত

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগত এন এফ ৰে’লৱে এছ চিয়ে নৱজ্যোতি ক্লাবক ১-০ গ’লত পৰাস্ত কৰে

ৰেলৱে, নাৰেংগী জয় আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2022 11:07 AM GMT

গুৱাহাটীঃ আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগত এন এফ ৰে'লৱে এছ চিয়ে নৱজ্যোতি ক্লাবক ১-০ গ'লত পৰাস্ত কৰে। ১৯ মিনিটত খেলখনৰ সৰ্বগুৰুত্বপূৰ্ণ গ'লটো স্ক'ৰ কৰে জিতু আহমেদে। ইফালে জিবেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত ৰাজবাৰী ক্লাবৰ বিৰুদ্ধে দহজনীয়া নাৰেংগী এছ চিয়ে জয় অৰ্জন কৰে। দ্বিতীয়াৰ্ধত ৰাহুল দাসে দ্বিতীয় হালধীয়া কাৰ্ড লাভ কৰি খেলপথাৰৰ পৰা ওলাই যোৱাৰ সময়ত নাৰেংগী ১০ জনলৈ হ্ৰাস পাইছিল। নাৰেংগীয়ে অৱশ্যে ভাল যুঁজ দি ৮২ মিনিটত চন্দন ব্ৰহ্মৰ জৰিয়তে বিজয়ী গ'লটো লাভ কৰে।

কাইলৈৰ খেল: এফ চি গ্ৰীণ ভেলী বনাম আছাম পুলিচ ব্লুজ (ছুপাৰ ডিভিজন) আৰু ফ্ৰন্টিয়াৰ ক্লাব বনাম মেট্ৰ' এছ চি (এ ডিভিজন)।

লগতে পঢ়ক:জে কে বৰুৱা ক্ৰিকেটত নগাঁওৰ বিৰুদ্ধে তেজপুৰ জয়

Next Story
চাকৰি