বিশ্ব ট্যুৰ ফাইনেলছৰ ছেমিফাইনেলত প্ৰৱেশ ভাৰতৰ পি ভি সিন্ধুৰ

বিশ্ব ট্যুৰ ফাইনেলছৰ ছেমিফাইনেলত প্ৰৱেশ ভাৰতৰ পি ভি সিন্ধুৰ
Published on: 

ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হৈ থকা বি ডব্লিউ এফ বিশ্ব ট্যুৰ ফাইনেলছত ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে ৷ দুৱাৰ অলিম্পিক জয়ী সিন্ধুৱে জাৰ্মানীৰ ইউভ'নে লাইক পৰাজিত কৰি ইয়াৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷  উল্লেখ্য যে ২০১৮ত সিন্ধুৱে বিশ্বৰ ২৩ নম্বৰ বাছনিৰ লাইক ২১-১০. ২১-১৩ৰ ব্যৱধানত পৰাজিত কৰে। মাথোঁ ৩১ মিনিটতে ভাৰতীয় তাৰকাগৰাকীয়ে খেলখনত জয় লাভ কৰিছিল। 

ইয়াৰ পূৰ্বে ২০১২-ৰ ছেপ্টেম্বৰত মাথোঁ ১৭ বছৰ বয়সতে সিন্ধুৱে বি ডব্লিউ এফ বিশ্ব ৰেংকিঙৰ শীৰ্ষৰ ২০ গৰাকীৰ মাজত স্থান অৰ্জন কৰে। ইয়াৰ পাছৰ বছৰৰ পৰা তেওঁ প্ৰতিখন আন্তৰ্জাতিক টুৰ্ণামেণ্টতে পদক জয় কৰি আহিছে। জাং নিঙৰ পাছত তেওঁৱেই হৈছে বিশ্বৰ প্ৰথমগৰাকী মহিলা বেডমিণ্টন তাৰকা যিয়ে বিশ্ব চেম্পিয়নশ্বিপত ৫ টা বা ততোধিক পদক অৰ্জন কৰিছে।

২০১৬ ৰ ৰিঅ ডি জেনেইৰোৰ গ্ৰীষ্ম অলিম্পিকত তেওঁ অলিম্পিকৰ  ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন তাৰকাত পৰিণত হয়। এই অলিম্পিকৰ ফাইনেলত তেওঁ স্পেইনৰ কেৰোলাইনা মেৰিনৰ হাতত পৰাজিত হয়। একেদৰে টকিঅ অলিম্পিকতো তেওঁ ভাৰতৰ জয়ধ্বজা উৰুৱায়। ফলত তেওঁ অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাত পৰিণত হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com