হায়দৰাবাদৰ ছেকেণ্ডাবাদ জিমখানা খেলপথাৰত টিকটৰ বাবে হুলস্থুল
২৫ ছেপ্টেম্বৰত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলৰ টিকট ক্ৰয় কৰিবলৈ প্ৰায় ৩০ হাজাৰ লোকে ভিৰ কৰাৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল

হায়দৰাবাদঃ বৃহস্পতিবাৰে চেকেন্দ্ৰাবাদ জিমখানা খেলপথাৰত সৃষ্টি হোৱা এক গণ্ডগোলৰ ফলত কমেও ২০ জন লোক অজ্ঞান হৈ পৰে আৰু কেইবাজনো লোক আহত হয়।
২৫ ছেপ্টেম্বৰত হ'বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেলৰ টিকট ক্ৰয় কৰিবলৈ প্ৰায় ৩০ হাজাৰ লোকে ভিৰ কৰাৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জৰ আশ্ৰয় ল'বলগীয়া হৈছিল।
মহানগৰীৰ উপল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনে জিমখানা খেলপথাৰত টিকট বিক্ৰীৰ আয়োজন কৰিছিল। ৰাতিপুৱাৰ পৰাই টিকটৰ বাবে শাৰীত থিয় হৈ থকা দেখা গ'ল অগনন ক্ৰিকেট প্ৰেমি ৰাইজ ।
হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ লগে লগে আৰক্ষীয়ে ভিৰ পৰিচালনা কৰাত অসুবিধা পাইছিল। মূল গেটৰ পৰা হঠাতে মানুহৰ লৰালৰি হোৱাৰ পিছতে আৰক্ষীয়ে লাঠি চাৰ্জৰ আশ্ৰয় লয় যাৰ ফলত কেইবাজনো লোক আহত হয়। ভিৰৰ মাজত ধৰা পৰা মহিলাসহ কেইবাজনো ব্যক্তি বতাহৰ অভাৱত অচেতন হৈ পৰে। এই মেলিত কেইবাজনো আৰক্ষী জোৱানও আহত হয়।
ভিৰৰ মাজত থকা কেইবাগৰাকীও মহিলাক অচেতন হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাটোত এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰা বাতৰি খণ্ডন কৰে আৰক্ষী বিষয়াসকলে।
সেই উদ্দেশ্যে মাত্ৰ চাৰিটা কাউণ্টাৰ স্থাপন কৰাৰ বাবে টিকট বিক্ৰীৰ ব্যৱস্থা অপৰ্যাপ্ত বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। আইএএনএছ
লগতে পঢ়ক:আশিম দাসে, এটা ইনিংছত ৯টা উইকেট দখল কৰি অভিলেখ গঢ়িলে
https://assamese.sentinelassam.com/খেলৰ-পৃথিৱী/lakhimpurs-ashim-das-takes-9-wickets-for-1-run-614509