Begin typing your search above and press return to search.
সদৌ অসম অপেছাদাৰী গলফ চেম্পিয়নশ্বিপৰ সামৰণি
চেম্পিয়নশ্বিপৰ সামগ্ৰিক বিজয়ী জাকিৰ হুছেইনে অন্তিম দিনটোত চাৰি অভাৰ পাৰ খেলিছিল।

ডিগবৈঃ দেওবাৰে ঐতিহাসিক ব্ৰিটিছ নিৰ্মিত এয়াৰ ষ্ট্ৰিপড ডিগবৈ গলফ লিংকছত সদৌ অসম অপেছাদাৰী আমন্ত্ৰণমূলক গলফ চেম্পিয়নশ্বিপৰ ৪৫ সংখ্যক সংস্কৰণৰ সামৰণি পৰে। চেম্পিয়নশ্বিপৰ সামগ্ৰিক বিজয়ী জাকিৰ হুছেইনে অন্তিম দিনটোত চাৰি অভাৰ পাৰ খেলিছিল। ইফালে প্ৰতিযোগিতাখনৰ লেডী চেম্পিয়ন হিচাপে ৰীতা হাজৰিকাই আত্মপ্ৰকাশ কৰাৰ বিপৰীতে পেছাদাৰী চেম্পিয়ন শিতানত দুলাল কালোৱাৰ, বীৰেণ কৰ্মকাৰ আৰু বিনোদ গগৈক বঁটা প্ৰদান কৰা হয়।
Next Story