যৌন কেলেংকাৰিঃ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ অধিনায়ক টিম পাইনেৰ পদত্যাগ

কেলেংকাৰিটো সংঘটিত কৰাৰ বাবে তেওঁ অনুতপ্ত বুলিও মন্তব্য কৰে। লগতে তেওঁ ক্ৰীড়াৰ মৰ্যাদা হানি কৰাৰ বাবে ক্ষমাও বিচাৰিছে।
যৌন কেলেংকাৰিঃ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ অধিনায়ক টিম পাইনেৰ পদত্যাগ
Published on

যৌন কেলেংকাৰিত সাঙোৰ খাই পদত্যাগ কৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক টিম পাইনেই ৷ তেওঁৰ এই কেলেংকাৰিৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই পাইনেই কালি শুকুৰবাৰে পদত্যাগ কৰে ৷ ইয়াৰ পূৰ্বে পাইনে এই কেলেংকাৰিত জড়িত থকাটো নিশ্চিত কৰে অষ্ট্ৰেলিয়া ক্ৰিকেট বোৰ্ডে।

অভিযোগৰ অনুসৰি চাৰ বছৰ পূ্ৰ্বে ২০১৭ত পাইনেই এই যৌন কেলেংকাৰি সংঘটিত কৰে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ টাছমানিয়াত আছিল। পাইনেই অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীলৈ যৌন উদ্দীপক বাৰ্তা প্ৰেৰণ কৰে। পাছত ঘটনাৰ তদন্ত আৰম্ভ হয়। তদন্তত পাইনেৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা প্ৰমাণিত হয়।

ইয়াৰ পাছতে তেওঁ কালি হবাৰ্টত এখন সংবাদমেলৰ আয়োজন কৰি পদথ্যাগ কৰাৰ কথা ঘোষণা কৰে। কেলেংকাৰিটো সংঘটিত কৰাৰ বাবে তেওঁ অনুতপ্ত বুলিও মন্তব্য কৰে। লগতে তেওঁ ক্ৰীড়াৰ মৰ্যাদা হানি কৰাৰ বাবে সকলোৰে ওচৰত ক্ষমাও বিচাৰিছে। আগন্তুক এছেছ শৃংখলাত যাতে তেওঁৰ কেলেংকাৰিৰ প্ৰভাৱ নপৰে, তাৰ বাবে তেওঁ পদত্যাগৰ সিদ্ধান্ত লোৱা বুলিও সংবাদমেলত উল্লেখ কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com