Begin typing your search above and press return to search.

শীতকালীন বেইজিং অলিম্পিক বৰ্জন কৰিব মাৰ্কিন কূটনৈতিক বিষয়াবৰ্গই

অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে শীতকালীন বেইজিং অলিম্পিকত মাৰ্কিন এথলেটৰ অংশগ্ৰহণত হোৱাইট হাউছে বাধা নিদিয়ে।

শীতকালীন বেইজিং অলিম্পিক বৰ্জন কৰিব মাৰ্কিন কূটনৈতিক বিষয়াবৰ্গই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2021 12:04 PM GMT

আগন্তক ২০২২ৰ বেইজিং শীতকালীন অলিম্পিক বৰ্জন কৰিব মাৰ্কিন কূটনৈতিক বিষয়াবৰ্গই। বাইদেন প্ৰশাসনে চীনত অনুষ্ঠিতব্য এই অলিম্পিক কূটনৈতিকভাবে বৰ্জনৰ সিদ্ধান্ত লৈছে। মাৰ্কিন ৰাষ্ট্ৰপতি কাৰ্যালয় হোৱাইট হাউছে এই কথা স্পষ্ট কৰি দিছে। হোৱাইট হাউছে প্ৰকাশ কৰা অনুসৰি বেইজিং অলিম্পিকলৈ মাৰ্কিন প্ৰশাসনে কোনো চৰকাৰী প্ৰতিনিধি প্ৰেৰণ নকৰে। অৱশ্যে বেইজিং শীতকালীন অধিৱেশনত মাৰ্কিন এথলেটৰ অংশগ্ৰহণত চৰকাৰে বাধা নিদিয়ে। বৰঞ্চ এথলেটসকলক সহায়হে কৰিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে।

এই সম্পৰ্কত হোৱাইট হাউছৰ প্ৰেছ সচিব জেন পিচাকিয়ে কয় যে বেইজিঙৰ শীতকালীন অধিৱেশনত মাৰ্কিন প্ৰশাসনে সহযোগ নকৰে। চীনে জিংজিয়াং প্ৰদেশত মানৱাধিকাৰ উলংঘা কৰি অহাৰ বাবে হোৱাইট হাউছে এই সিদ্ধান্ত হৈছে বুলি প্ৰেছ সচিবগৰাকীয়ে সদৰী কৰে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে শীতকালীন বেইজিং অলিম্পিকত মাৰ্কিন এথলেটৰ অংশগ্ৰহণত হোৱাইট হাউছে বাধা নিদিয়ে।

উল্লেখ্য যে পশ্চিমৰ দেশসমূহে চীনৰ বিৰুদ্ধে ব্যাপক হাৰত মানৱাধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন কৰি আহিছে।


আৰু পঢ়িব পাৰেঃ নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ীসকলৰ বাবে দু:খবৰ! বৃদ্ধি পালে বিলাতী সুৰাৰ দাম

Next Story
চাকৰি