প্ৰাণক লৈ শংকিতঃ চীনৰ সকলো টেনিছ টুৰ্ণামেণ্ট বাতিল মহিলা টেনিছ সন্থাৰ
উল্লেখ্য যে চীনত খেলুৱৈৰ সুৰক্ষাৰ বিষয়টো উত্থাপন হয় দেশখনৰ মহিলা টেনিচ তাৰকা পেং ছুৱাই ৰহস্যজনকভাবে সন্ধানহীন হোৱাত।

সুৰক্ষাক লৈ শংকাত ভুগি মহিলা টেনিছ সন্থাই অহা বছৰ চীনত অনুষ্ঠিত হ'বলগা সকলো টেনিছ টুৰ্ণামেণ্ট নাকচ কৰিছে ৷ এই সিদ্ধান্ত তাৎক্ষণিকভাবে বলবৎ হৈছে। মহিলা টেনিছ সন্থাই চীনৰ ক্ষেত্ৰত বাতিল কৰা টেনিছ টুৰ্ণামেণ্টসমূহৰ ভিতৰত ডব্লিউ টি এ ফাইনেলো আছে। ইয়াৰ পূৰ্বে সুৰক্ষাৰ বিষয়টো টেনিছ সন্থাই চীন চৰকাৰক অৱগত কৰে। কিন্তু চীন চৰকাৰে বিষয়টোক লৈ কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত মহিলা টেনিছ সন্থাই চীনত অনুষ্ঠিত হবলগীয়া সকলো টুৰ্ণামেণ্ট বাতিল কৰিছে। এই কথা সদৰী কৰি বিশ্ব মহিলা টেনিচ সন্থাৰ ষ্টীভ চাইমনে কয়. যে চীন চৰকাৰক প্ৰতিযোগী আৰু ক্ৰীডা় কৰ্মকৰ্তাৰ সুৰক্ষাৰ বিষয়টো অৱগত কৰা হৈছিল যদিও চৰকাৰে গুৰুত্ব নিদিলে। ইয়াক তেওঁ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে।
উল্লেখ্য যে চীনত খেলুৱৈৰ সুৰক্ষাৰ বিষয়টো উত্থাপন হয় কিছুদিন পূৰ্বে দেশখনৰ মহিলা টেনিচ তাৰকা পেং ছুৱাই ৰহস্যজনকভাবে সন্ধানহীন হোৱাত। টেনিচ তাৰকাগৰাকী সন্ধানহীন হোৱাৰ পূৰ্বে তেওঁ চীনৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জাং গাউলিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। চীনৰ নিজা সামাজিক মাধ্যম ৱেইবোৰ জৰিয়তে ছুৱাইয়ে অভিযোগ কৰিছিল যে তেওঁৰ সৈতে বলপূৰ্বক নিজ ঘৰত বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি গাউলিয়ে। সামাজিক মাধ্যমত এই অভিযোগ উত্থাপনৰ পাছতে টেনিছ তাৰকাগৰাকী ৰহস্যজনকভাবে সন্ধানহীন হয়। তদুপৰি তেওঁৰ অভিযোগ সম্বলিত সামাজিক মাধ্যমৰ আপডেটতো ৩০ মিনিট মানতে নোহোৱা হয়।
মহিলা টেনিচ তাৰকাগৰাকী ৰহস্যজনকভাবে সন্ধানহীন হোৱা ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে বিশ্ব মহিলা টেনিচ সন্থাই।
আৰু পঢ়িব পাৰেঃ "অসমত অপৰাধ আৰু অপৰাধীৰ অস্তিত্ব নাথাকিব"- অসমৰ মুখ্যমন্ত্ৰী