চাহ বিক্ৰী কৰি বক্সাৰ হ'বলৈ সক্ষম হোৱা এজন প্ৰতিভাশালী ব্যক্তি;ৰাজেশ কুমাৰ কসানা

চাহ বিক্ৰী কৰি বক্সাৰ হ'বলৈ সক্ষম হোৱা এজন প্ৰতিভাশালী ব্যক্তি;ৰাজেশ কুমাৰ কসানা

প্ৰায় যুৱক সকলৰ মনত এটা প্ৰশ্ন আহে যে 'যদি আমি ধনী কোনো ব্যক্তিৰ ঘৰত জন্ম হলো হয়' ।এনে ধৰনৰ চিন্তা-ধাৰা মনত অহাৰ মুলতে হ'ল প্ৰতিযোগিতাৰ যুগটোৰ পৰা নিজক বচাই ৰখাৰ । কিন্তু সচাঁ কথা এইটো যে,আগ্ৰহ আৰু পৰিশ্ৰমৰ অবিহনে কোনো ধৰনৰ সফলতা অৰ্জন কৰিব নোৱাৰি । কিন্তু এইটোও সচাঁ কথা যে ,ধনী ঘৰ তথা লাস-বিলাসত ডাঙৰ দীঘল হোৱা ল'ৰা-ছোৱালী সকলৰ বাবে কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বহু কষ্ট কৰাৰ প্ৰয়োজন নহয় । সফলতাৰ পুঞ্জী হৈছে এটাই সেইটো হ'ল সংঘৰ্ষ ।মনৰ পৰা কৰা কষ্টই কোনো এটা সফলতা অৰ্জন কৰা বৰ বেছি কঠিন নহয় ।

আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যিগৰাকীয়ে চাহ বিক্ৰী কৰিয়েই নিজৰ সপোন পুৰন কৰিব পাৰিছে ।নিজৰ কঠোৰ পৰিশ্ৰমৰ অন্তত সমাজত নিজক এজন বক্সাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।ডব্লিউবিসি ৱৰ্ল্ড ইউথ লাইটবেট চেম্পিয়ন বেল্ট অৰ্জন কৰিবলৈ সক্ষম হয় ।

এওঁৰ নাম হৈছে ৰাজেশ কুমাৰ কসানা । কিন্তু মানুহৰ মাজত তেওঁ লুক্কা নামেৰেও জনাজাত । ৰাজেশ হাৰিয়ানাৰ ভিবানীৰ নিৱাসী । জানিব পাৰি যে,ইয়াৰ বক্সাৰ সকলে অলিম্পিকৰ পৰা কমনৱেল্থ গেমছৰ পৰাও মেডেল পাবলৈ সক্ষম হৈছে । ৰাজেশ এই বেল্ট পোৱা প্ৰথম জন ভাৰতীয় বক্সাৰ হয় । লুক্কাৰ জীৱনটো সদায় এনেকুৱা নাছিল । যেতিয়া বাকী বোৰ বক্সাৰে ৰিংত বক্সিংত ব্যস্ত থাকে সেই সময়ত ৰাজেশে চাহ বনাই বিক্ৰী কৰি থাকে । যোৱা শনিবাৰে পঞ্ছকুলা তাও দেৱী লাল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলত ফিলিপাইনছৰ এজন বক্সাৰক হৰুৱাই বেল্ট পাবলৈ সক্ষম হয় ।

লুক্কাই বক্সিংৰ আৰম্ভ কৰিছিল ২০০০চনৰ পৰা ।খেল আৰু আৰ্থিক অৱস্থা বৰ বেছি ভাল নাছিল বাবে দ্বাদশ শ্ৰেনীৰ পিছত তেওঁ পঢ়া জীৱন ত্যাগ দিবলগা হয় ।২০১২ চনত দেউতাকৰ মৃত্যুৰ পিছত ৰাজেশে বক্সিং এৰিব লগা গৈছিল ।পিছত ঘৰ চলাবলৈ নিজ ভায়েকৰ সৈতে লগ হৈ চাহৰ দোকান এখন খোলে । আজিও ৰাজেশে নিজৰ ভায়েকৰ সেইখন চাহৰ দোকানতে কাম কৰে । ইমান খিনি কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো ৰাজেশে নিজৰ কষ্টৰ জৰিয়তে পেছাগত ভাৱে বক্সিংৰ আৰম্ভ কৰে । ৰাজেশে ৰাতিপুৱা ৫ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চাহৰ দোকানত আছে ।তাৰ পিছত কিছু সময় জিৰনি লৈ বক্সিংৰ অনুশীলন আৰম্ভ কৰে ।

ৰাজেশ ওৰফে লুক্কা ভিবানি চায় ষ্টেটত প্ৰশিক্ষন গ্ৰহন কৰে । পুৱা সময়ত হাৰ্ড প্ৰশিক্ষন হয় । সন্ধিয়া সময়ত ৰিংত অনুশীলন কৰে।

ৰাজেশে অলিম্পিক ব্ৰঞ্জ বিজয়ী বিজেন্দৰ সিংক আদৰ্শ ব্যক্তি হিচাপে সন্মান কৰে । ৰাজেশ তেওঁৰ দৰে হ'বলৈ মন কৰে ।ৰাজেশে ১০খনৰ ভিতৰত ৯ খন ফাইট জিকিবলৈ সক্ষম হৈছে আৰু এখন ড্ৰ হৈছে । ৰাজেশ লাইটবেতৰ ভাৰতৰ ১ নম্বৰৰ স্থানত বক্সাৰ হয় আৰু লগতে ৱৰ্ল্ড বক্সিং কাউঞ্চিলত ৰাজেশ ২২১ নম্বৰত স্থানত আছে । কিন্তু দুখিত বিষয় এইটো যে ইমান খিনি প্ৰতিভা থকাৰ পিছতো দৰিদ্ৰতাৰ বাবে তেওঁ চাহ বিক্ৰী কৰিবলগা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com