দৃষ্টিহীন ব্যক্তি এগৰাকীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিল খোলা ঠাইত শৌচ মুক্ত পৰিৱেশ

দৃষ্টিহীন ব্যক্তি এগৰাকীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিল খোলা ঠাইত শৌচ মুক্ত পৰিৱেশ

স্বচ্ছতা,বিকাশ আৰু সমাজ পৰিবৰ্তন এই তিনিওটা ইটোৰ লগত সিটো জড়িত ।এখন বিকশিত সমাজৰ পৰিচয় সমাজ খনৰ স্বচ্ছতা আৰু স্বাস্থ্যকৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে ।স্বাস্থ্যকৰ পৰিৱেশ সমাজ খনৰ স্বচ্ছতাৰ লগত জড়িত । য'ত স্বচ্ছতা আছে তাৰ পৰিৱেশ স্বাস্থ্যকৰ আৰু য'ত স্বাস্থ্যকৰ পৰিৱেশ সেই সমাজ বিকাশ আৰু প্ৰগতিৰ দিশত আগবঢ়া । এখন স্বাস্থ্যকৰ সমাজৰ লোকেহে মানৱ সংশোধন কৰিব পাৰে লগতে দেশৰ বিকাশত সহযোগ কৰিব পাৰে ।

মুক্ত পৰিৱেশত শৌচ কৰা বন্ধৰ অবিহনে স্বাস্থ্যকৰ পৰিৱেশ গঢ় দি তোলাটো সম্ভৱ নহয় । সেয়ে ইয়াক লৈ ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ প্ৰচেষ্টা হাতত লৈছিল আৰু ২০১৯ৰ মহাত্মা গান্ধীৰ ১৫০বছৰ জন্ম জয়ন্তীৰ ভিতৰত দেশত খোলা ঠাইত শৌচ মুক্ত,স্বচ্ছ আৰু চাফাকৈ ৰখা লক্ষ্য তথা পদক্ষেপ গ্ৰহন কৰিছিল ।এই পদক্ষেপ গ্ৰহনৰ পিছত বহু খিনি কাৰ্যকৰী হৈছে যদিও বৰ্তমানেও এই অভিযানৰ লক্ষ্য পূৰন কৰিবলৈ বাকী আছে । আজি আমি সূদুৰ গাঁওৰ এজন দৃষ্টিহীন ব্যক্তিৰ কথা আলোচনা কৰিম যিগৰাকী দৃষ্টিহীন ব্যক্তিয়ে নিজৰ ঘৰত শৌচলায় নিৰ্মান কৰাৰ লগতে সমূগ গাঁওবাসীক শৌচলায় নিৰ্মানৰ বাবে জাগ্ৰত কৰে ।

এইগৰাকী দৃষ্টিহীন ব্যক্তিৰ নাম হৈছে সাধু মাঁঝী ।সাধু বিহাৰৰ গয়া জিলাৰ সূদুৰ গাৱঁৰ ফতেহপুৰৰ নিৱাসী ।সাধুই কেৱল নিজ গৃহতে নহয় সমগ্ৰ গাঁও খনতে শৌচ মুক্ত পৰিৱেশ গঢ়ি তোলা লক্ষ্য স্থিৰ কৰিছিল । গয়া জিলাৰ ফতেহপুৰ গাঁৱত মুঠ ৪৮ ঘৰ মানুহ আছে । এইখন গাঁও চহৰৰ পৰা বহু দূৰত আৰু সমগ্ৰ কৃষি-ভূমি,শস্যৰে ভৰপুৰ ।

গাঁও খনত ১বছৰৰ আগলৈ কোনো শৌচালয় নাছিল বৰঞ্চ মুক্ত পৰিৱেশত শৌচ কৰা ব্যৱস্থাহে প্ৰচলন আছিল ।খোলা ঠাইত শৌচ কৰাটো এক কঠিন কাম তেনেতে দৃষ্টিহীন সাধুৰ বাবে এইটো আৰু কঠিন কাম ।দৈনিক এই শৌচ কৰা কাৰ্য্যৰ বাবে নতুন নতুন ঠাই বিচৰাটো অতি কঠিন কাম যাৰ বাবে সাধুৱে বহু সমস্যাৰ সন্মুখীন হ'বলগা হৈছিল । ১ বছৰৰ পূৰ্বে সাধুৱে ওচৰ চুবুৰীয়াৰ এঘৰ মানুহৰ ঘৰত জলী দেৱী নামৰ মানুহ এগৰাকীয়ে শৌচলায় নিৰ্মানৰ কৰাৰ কি কি লাভ অৰ্থাৎ সুবিধাৰ বিষয়ে কৈ আছিল আৰু সেই বিষয়ে সাধুৱে শুনা পাইছিল । জলী দেৱী চাৰি গৰাকী কন্যা সন্তানৰ মাতৃ আৰু তেওঁ নিজেও এই বিষয়ত অধিক মনযোগ দিছিল যে কিদৰে শৌচ মুক্ত সমাজ গঢ়িব পৰা যায় যাতে তেওঁ আৰু তেওঁৰ ছোৱালী সুৰক্ষিত থাকে ।

কিছু বছৰৰ আগেয়ে জলী দেৱীয়ে ওচৰৰ গাঁৱ এখনলৈ কোনো কাৰনত গৈছিল আৰু তেতিয়াই ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত মিছনৰ দ্ধাৰা নিৰ্মান কৰা শৌচালয় দেখা পাইছিল । এইটো দেখিয়ে জলী দেৱীয়ে নিজ ঘৰটো শৌচালয় নিৰ্মান কৰাৰ কথা মন মেলিলে । এই সন্দৰ্ভত জলী দেৱীয়ে সাধুৰ লগতে আলোচনা কৰি শৌচালয় নিৰ্মানৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিচাৰিবলৈ লৈছিল লগতে সাধু আৰু তেওঁৰ পত্নীয়েও শৌচালয় নিৰ্মান কাম আৰম্ভ কৰি দিছিল ।সাধুৰ এই কামত জিলা প্ৰশাসনৰ অধিকাৰীয়েও সহায় কৰে ।প্ৰথম অৱস্থাত সাধু আৰু তেওঁৰ পত্নীয়ে শৌচালয় নিৰ্মানৰ বাবে গাঁত খান্দিছিল কিন্তু পিছলৈ চৰকাৰৰ পৰা সহায় লাভ কৰিছিল ।

নিজৰ ঘৰৰ শৌচালয় নিৰ্মনৰ পিছত গাঁও খনৰ লোক সকলক শৌচালয় নিৰ্মানৰ বাবে আহ্বান কৰে যদিও গাঁৱৰ লোক সকলে সাধুৰ কথাত গুৰুত্ব প্ৰদান নকৰে। সেয়ে সাধুৱে পিছলৈ শৌচালয় নিৰ্মানৰ ওপৰত গীত সাজিলে আৰু গাঁৱে গাঁৱে ঘূৰি শৌচালয় নিৰ্মানৰ বাবে সকলোকে জাগ্ৰত কৰিছিল ।তেওঁৰ এই অশেষ প্ৰচেষ্টা আৰু কষ্টই ১ বছৰৰ পিছত গাঁৱ খন মুক্ত পৰিৱেশত শৌচ বন্ধ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com