দেশবাসী ভ্ৰমণৰ ক্ষেত্ৰত কিমান আগবঢ়া ? এই সন্দৰ্ভত বিশ্ব ভ্ৰমণ আৰু পৰ্যতন পৰিষদৰ বিশেষ তথ্য

দেশবাসী ভ্ৰমণৰ ক্ষেত্ৰত কিমান আগবঢ়া ? এই সন্দৰ্ভত বিশ্ব ভ্ৰমণ আৰু পৰ্যতন পৰিষদৰ বিশেষ তথ্য

আমি ভ্ৰমণ কৰি সকলোৱে ভাল পাওঁ ৷ কাৰণ সদা ব্যস্ত জীৱনৰ পৰা অলপ সময় উলিয়াই, কোনো এখন নতুন ঠাইলৈ গৈ যি মানসিক শান্তি পোৱা যায়। সেয়া দ্বিতীয় বাৰ কোৱাৰ নিশ্ছয় প্ৰয়োজন নাই ৷ সেয়েহে ভ্ৰমণ কৰা ক্ষেত্ৰত ভাৰতীয় সকল প্ৰায় আগত । সেয়াই প্ৰতিপন্ন হ’ল শেহতীয়া বিশ্ব ভ্ৰমণ আৰু পৰ্যতন পৰিষদৰ এক তথ্য অনুসৰি, কাৰণ ভ্ৰমণ অথবা ছুটীৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ সকলোতকৈ প্ৰথমত ৷

ভাৰতে খৰছী ভ্ৰমণৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনকো অতিক্ৰম কৰিলে ৷ তথ্য অনুসৰি, ২০১৮ চনত ১৭ লাখ কোটি টকাৰ লগত ট্ৰেভেল এণ্ড টুৰিজ্যিমে দেশৰ জীডিপিত ৯.২ শতাংশ যোগদান কৰিছে ৷ লগতে প্ৰতিবেদনখনত এইটোও প্ৰকাশ পায় যে অন্য দেশতকৈ ভাৰতৰ লোকসকলে বিজনেছ ট্ৰেভেলত ৫ শতাংশতকৈ অধিক ব্যয় কৰে ৷ বিশ্ব ভ্ৰমণ আৰু পৰ্যতন পৰিষদে বিশ্বৰ সকলো ক্ষেত্ৰৰ পৰ্যতনৰ ওপৰত দৃষ্টি ৰাখে ৷ এই সংষ্ঠাটোৱে দেশৰ ট্ৰেভেল আৰু টুৰিজ্যিমে জিডিপিত যোগদানৰ ক্ষেত্ৰত তদন্ত কৰে ৷

ভাৰতত ২০১৮ চনত সকলোতকৈ অধিক ৮৭ শতাংশ খৰছী ভ্ৰমণ পাৰিবাৰিক ভ্ৰমণ হয় ৷ ইয়াৰে ১৩ শতাংশ যোগদান আন্তঃৰাষ্ট্ৰীয় পৰ্যতনৰ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ভাৰতীয় পৰ্যতন ক্ষেত্ৰই ৰাষ্ট্ৰীয় স্তৰত ৬.৭ আৰু ৩.৯ শতাংশকৈ বৃদ্ধি পায়। কাউন্সিলৰ অধ্যক্ষ গ্ল’ৰিয়া গ্বেৰাৰ মন্তব্য অনুসৰি বিগত ১০ বছৰত ভাৰত পৰ্যতনৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে ৷ ২০০৮ চনৰ তুলনাত জীডিপিত হোৱা যোগদান দুগুণলৈ বৃদ্ধি পাইছে ৷ গতিকে ভাৰত সকলোতকৈ দামী ভ্ৰমণত যোৱা দেশৰ ভিতৰত গ্ল’বেল লীডাৰ ৰূপে আগবাঢ়ি গৈছে ৷

ইফালে পৰ্যতনৰ প্ৰভাৱ পৰিছে নিযুক্তিৰ ক্ষেত্ৰ খনটো ৷ কাৰণ পৰ্যতনৰ কাৰণে নিযুক্তিৰ ক্ষেত্ৰখনতো ৮.১ শতাংশ বৃদ্ধি হৈ ২ কোটিতকৈ অধিক হয় ৷ ভাৰতে মুঠ জীডিপিৰ ৯৪.৮ শতাংশ পৰ্যতনত ব্যয় কৰে ৷ ইয়াৰ বিপৰীতে আমেৰিকা আৰু চীনে ক্ৰমে ৭১.৩ শতাংশ আৰু ৮১.৪ শতাংশৰ লগত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৷ ৱৰ্ল্ড ট্ৰেভেল এণ্ড টুৰিজ্যিমৰ এক প্ৰতিবেদন অনুসৰি ভাৰত এছিয়াৰ ভিতৰত চীন আৰু জাপানৰ পিছতে ভ্ৰমণৰ ক্ষেত্ৰত অধিক উপাৰ্জন কৰি তৃতীয় স্থানত আছে ।

দক্ষিণ এছিয়াত ভাৰতৰ স্থান আছে সৰ্বপ্ৰথমে ৷ ভাৰতৰ সকলোতকৈ বৃহৎ আন্তঃৰাষ্ট্ৰীয় মাৰ্কেট আমেৰিকা আৰু বাংলাদেশত আছিল। কাৰণ আমেৰিকা আৰু বাংলাদেশে দেশৰ টুৰিজ্যিমৰ ক্ষেত্ৰত ৯ শতাংশ যোগদান কৰে। ইয়াৰ বিপৰীতে ব্ৰিট্টেইনে ৭ শতাংশ আৰু কানাডা আৰু শ্ৰীলংকাই ২ শতাংশ যোগদান কৰে ৷ ভাৰতীয় পৰ্যটক সকলক আকৰ্ষণ কৰিব পৰি কেইখন মান ঠাইৰ বিষয়ে চাওঁ আহক ৷ জম্মু-কাশ্মীৰ,উত্তৰাখণ্ড, ৰাজস্থান,হিমাচল প্ৰদেশ,কেৰেলা ৷ বিদেশৰ ক্ষেত্ৰত ছুইজাৰলেণ্ড,নৰৱে, ছুইডেন,আমেৰিকা, বেলজিয়াম ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com