Begin typing your search above and press return to search.

মণিপুৰৰ প্ৰতিভাশালী যুৱকলৈ আনন্দ মহিন্দ্ৰাৰ সহায়ৰ হাত

ইয়াৰ আগেয়েও বিজনেছ মেন গৰাকীয়ে এনে ধৰণৰ বহু প্ৰতিভাশালীক সহায় কৰি আহিছে

মণিপুৰৰ প্ৰতিভাশালী যুৱকলৈ আনন্দ মহিন্দ্ৰাৰ সহায়ৰ হাত

NilakshiBy : Nilakshi

  |  6 Dec 2021 12:11 PM GMT

"মাৰ্ভেল ছবিজগতৰ" আইৰণ মেনৰ সাঁজযোৰ সক্ৰিয় ভাৱে নিৰ্মাণ কৰি বিখ্যাত হৈ পৰা মণিপুৰৰ যুৱক গৰাকীক, সম্পূৰ্ণ ভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল বিশিষ্ট ব্যৱসায়ী আনন্দ মহিন্দ্ৰা। শেহতীয়া ভাৱে নিজৰ এই প্ৰতিজ্ঞা ওপৰত ভিত্তিত কৰি ব্যৱসায়ী গৰাকীয়ে বিনিময় কৰিছে এটি গুৰুত্বপূৰ্ণ আপডেট। মহিন্দ্ৰা গ্ৰুপৰ প্ৰতিনিধি গৰাকীয়ে জনাইছে যে, মণিপুৰৰ এই বিশেষ যুৱক গৰাকী নিজৰ কৌশল প্ৰশিক্ষণৰ বাবে বৰ্তমান উপস্থিত হৈছে হাইদৰাবাদত।

ঘটনা ক্ৰমে, হেইৰক, মণিপুৰ ৰাজ্যৰ এগৰাকী যুৱক প্ৰেম নিঙনবামে অপ্ৰয়োজনীয় সামগ্ৰী সমূহৰ পৰা বিভিন্ন ধৰণৰ অত্যাধুনিক যন্ত্ৰ পাতি নিৰ্মাণ কৰি চমক খোৱাইছিল সকলো দেশবাসীক। ইয়াৰোপৰি তেওঁ তৈয়াৰ কৰি উলাইছিল "মাৰ্ভেল ছবিজগতৰ" আইৰণ মেনৰ সাঁজযোৰ সক্ৰিয়ভাৱে। যুৱক গৰাকীৰ কলা কৌশলৰ পৰা সন্তুষ্ট হৈ যোৱা অক্টোবৰ মাহত বিজনেছ মেন গৰাকীয়ে যুৱক গৰাকীক তেওঁ সপোন সম্পূৰ্ণ কৰাৰ লগতে, তেওঁৰ আৰু তেওঁৰ ভাতৃ আৰু ভগ্নীক পঢ়োঁৱাৰ দায়িত্ব হাতত লৈছিল।

আজি, মঙ্গলবাৰে বিজনেছ মেন গৰাকীয়ে টুইটাৰ যোগে শ্বেয়াৰ কৰিছে দুখন বিশেষ ফটো, আৰু লিখিছে, "তেওঁ বিচৰা ধৰণে আমি তেওঁক অভিযান্ত্ৰিক বিভাগত পঢ়োঁৱাৰ দায়িত্ব হাতত লৈছিলোঁ, আৰু এতিয়া আমি জনাবলৈ পায় অতিকৈ সুখী যে উচ্চ শিক্ষা লাভৰ বাবে তেওঁ বৰ্তমান গৈ উপস্থিত হৈছে, মহিন্দ্ৰা বিশ্ববিদ্যালয়, হাইদৰাবাদত।" ইয়াৰ লগতে তেওঁ ধন্যবাদ জনাই ইণ্ডিগ' এয়াৰলাইনচক, তেওঁক সুকলমে হাইদৰাবাদলৈকে লৈ যোৱাৰ বাবে।

ইয়াৰ আগেয়েও বিজনেছ মেন গৰাকীয়ে এনে ধৰণৰ বহু প্ৰতিভাশালীক সহায় কৰি আহিছে। তেওঁ জনাইছে যে যুৱক গৰাকীৰ প্ৰতিভাক আৰু গঢ় দিবলৈ তেওঁ সকলো ব্যৱস্থা কৰিব। ইয়াৰ লগতে তেওঁ টেগ কৰিছে মহিন্দ্ৰাৰ মুখ্য ডিজাইন বিষয়া প্ৰতাপ ব'চক। তেওঁ কৈ যে, যুৱক গৰাকীৰ প্ৰতিভা দেখি অতিকৈ আমোদ পাইছে ব'চে।

হাইদৰাবাদত উপস্থিত হোৱাৰ পূৰ্বে যুৱক গৰাকীয়ে নিজৰ যাত্ৰাৰ ফটো শ্বেয়াৰ কৰে। পোষ্টৰ জৰিয়তে তেওঁ এয়াৰলাইন কোম্পানীক ধন্যবাদ জ্ঞাপন কৰে, তেওঁক সুন্দৰ স্বাগতম জনোৱাৰ বাবে, লগতে তেওঁৰ বাবে এক বিশেষ চিটৰ ব্যৱস্থা কৰাৰ বাবে।

অন্য এটি পোষ্ট যোগে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে বিজনেছ মেন গৰাকীলৈ। যিয়ে তেওঁক বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবৰ হেতু পুঁজি প্ৰদান কৰিছে।


আৰু পঢ়ক: কামোদ্দীপক ড্ৰাগছ সেৱন কৰাই কিশোৰীক ধৰ্ষণৰ অভিযোগ,ৰক্তক্ষৰণত মৃত্যু কিশোৰীগৰাকীৰ


Next Story
চাকৰি