পৃথিৱী অভিমুখে ধাৱবান ধূমকেতুৰ ফটো তুলিলে মঙলদৈৰ যুৱকে

গৌতম স্বৰাজ ডেকাসহ এটা দলে নি’ৱাইজ নামৰ এই ধূমকেতুৰ ২৪০খন ফটো তোলে।
পৃথিৱী অভিমুখে ধাৱবান ধূমকেতুৰ ফটো তুলিলে মঙলদৈৰ যুৱকে
Published on

পৃথিৱী অভিমুখে ধাৱমান এটা ধূমকেতুৰ ফটো তুলিলে দৰং জিলাৰ মঙলদৈৰ এজন যুৱকে। প্ৰাপ্ত তথ্য অনুসৰি যুৱকজনে যোৱা ১৭ জুলাইৰ সন্ধিয়া ৭.১০ বজাত ছিপাঝাৰ হাতীমূৰীয়াৰ পৰা সংগ্রহ কৰে ধূমকেতুৰ এই বিৰল আলোকচিত্র৷ মঙলদৈ ২নং বামুণপাৰাৰ যুৱক গৌতম স্বৰাজ ডেকাসহ এটা দলে নি'ৱাইজ নামৰ এই ধূমকেতুৰ ২৪০খন ফটো তোলে। মাত্র ১০ ছেকেণ্ডত সংগ্রহ কৰা এই আলোকচিত্রৰ মাজৰে কিছু আলোকচিত্রৰ সংযোজনত গৌতমে এটা ভিডিঅ' তৈয়াৰ কৰিছে৷

আনহাতে, এক তথ্য অনুসৰি ২৩ জুলাই পর্যন্ত নি'ৱাইজক ভাৰতৰ পৰা প্রত্যক্ষ কৰিব পৰা যাব বুলি হায়দৰাবাদস্থিত বি এম বিৰলা বিজ্ঞান কেন্দ্রৰ সঞ্চালক ড০ বিজি সিদ্ধার্থে প্রকাশ কৰিছে৷ একেদৰে পৃথিৱীৰ পৰা ১০৩ নিযুত মাইল দূৰেৰে ২৪ জুলাইত ধূমকেতুটো পাৰ হৈ যাব৷ আগন্তুক প্রায় ৬,৮০০ বছৰলৈ নি'ৱাইজ আৰু পৃথিৱীৰ ওচৰ নাচাপে৷ স্বয়ং নাছাই ইয়াৰ ছাইটত আৰম্ভ কৰিছে লাইভ আপডেট৷ ধূমকেতুটো খালী চকুৰে সন্ধিয়া ৭ বজাৰ পৰা উত্তৰ পশ্চিম দিগন্তত মাত্র ২০–২৫ মিনিট নিৰীক্ষণৰ সুযোগ লাভৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২০০৭ চনৰে পৰা মঙলদৈৰ গৌতম ডেকাই মহাকাশ সম্পর্কীয় আলোকচিত্র সংগ্রহ কৰি আহিছে৷ এজন বেংক বিষয়াৰ পুত্র গৌতমে বিগত সময়ত চন্দ্রপৃষ্ঠৰ খলাবমা, শুক্র গ্রহৰ বিভিন্ন স্থান, ৰেহৰূপসহ চন্দ্রগ্রহণ অথবা সূর্যগ্রহণৰ আলোকচিত্র নিজৰ ঘৰৰ পদূলিৰ পৰাই সংগ্রহ কৰি আহিছে৷ মহাকাশৰ প্রতি নিবিড মায়াৰে পৰিপুষ্ট গৌতমে উচ্চতৰ শাখালৈ মঙলদৈতে বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল আৰু পিছলৈ গুৱাহাটীৰ পৰা স্থপতিবিদ্যাৰহে স্নাতক শিক্ষা সম্পন্ন কৰিছে৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com