Begin typing your search above and press return to search.

ভাটোৰ লেখীয়াকৈ কথা ক'ব পাৰে অষ্ট্ৰেলিয়ান কস্তুৰী হাঁহে

অৱসৰপ্ৰাপ্ত গৱেষক ডাঃ পিটাৰ ফুল্লাগাৰে তিনি দশকতকৈও অধিক বছৰ পূৰ্বে ৰিপাৰৰ কণ্ঠ ৰেকৰ্ড কৰে।

ভাটোৰ লেখীয়াকৈ কথা কব পাৰে অষ্ট্ৰেলিয়ান কস্তুৰী হাঁহে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2021 7:43 AM GMT


মানুহৰ কথা অনুকৰণ কৰি নিজে কবলৈ সক্ষম হোৱাৰ বাবে কেইবাটাও পক্ষী বিখ্যাত। এইক্ষেত্ৰত প্ৰথমে মনলৈ আহে চিনাকি ভাটৌৰ কথা। কিন্তু আন কিছুমানো পক্ষী আছে, যিয়ে এইক্ষেত্ৰত ভাটোক প্ৰত্যাহ্বান জনাব পাৰে। অষ্ট্ৰেলিয়ান কস্তুৰী হাঁহ এনে পক্ষীৰ অন্যতম। এতিয়া এনে এটা হাঁহৰ কণ্ঠৰ তিনি দশক পূৰ্বে কৰা এটা ৰেকৰ্ডিং অলপতে পুনৰুদ্ধাৰ হয়। কণ্ঠ ৰেকৰ্ডিঙৰ সময়ত হাঁহটোৱে 'আপুনি তেজখোৱা মূৰ্খ' বুলি কৈছিল।

এই হাঁহ অষ্ট্ৰেলিয়াৰ কেনবেৰাৰ ওচৰৰ এক প্ৰাকৃতিক সংৰক্ষণস্থলীত পালন কৰা হৈছিল। গৱেষকসকলৰ মতে, ৰিপাৰ নামৰ এই হাঁহে তেওঁৰ তত্ত্বাৱধায়কৰ পৰা এই গালি শুনে আৰু তেওঁৰ গালি ষাৰ কণ্ঠস্থ কৰে। অৱশ্যে তেওঁলোকে নিশ্চিত নহয় যে ৰিপাৰে কেতিয়া এই গালিষাৰ শুনিছিল।

অৱসৰপ্ৰাপ্ত গৱেষক ডাঃ পিটাৰ ফুল্লাগাৰে তিনি দশকতকৈও অধিক বছৰ পূৰ্বে ৰিপাৰৰ কণ্ঠ ৰেকৰ্ড কৰে। লিডেন বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ কেৰেল টেন কেটে কৰা কোনো খননৰ সময়ত এই ৰেকৰ্ডিং পুনৰ উদ্ধাৰ হয়।


আৰু চাব পাৰেঃ আজি ৮ ছেপ্টেম্বৰ, ২০২১ৰ মণিপুৰ ৰাজ্যিক লটাৰীৰ ফলাফল

Next Story
চাকৰি