Begin typing your search above and press return to search.

নতুন যুগৰ সূচনা ! আৰম্ভ হ'ব পাৰে দিল্লী-লণ্ডন বাছ সেৱা

কোম্পানীটোৱে লগতে কয় যে অহা বছৰ ভাৰতে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত দিল্লী-লণ্ডন বাছ সেৱা আৰম্ভ কৰা হ'ব।

নতুন যুগৰ সূচনা ! আৰম্ভ হব পাৰে দিল্লী-লণ্ডন বাছ সেৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Aug 2020 7:43 AM GMT

দেশত অচিৰে এক নতুন যুগৰ সূচনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। অহা বছৰৰ পৰা আৰম্ভ হ'ব পাৰে দিল্লী-লণ্ডন বাছ সেৱা। গুৰগাঁওস্থিত এটা পৰ্যটন কোম্পানীয়ে এই কথা ঘোষণা কৰিছে।কোম্পানীটোৱে ইনষ্টাগ্ৰামত এই কথা প্ৰকাশ কৰিছে। কোম্পানীটোৱে ইনষ্টাগ্ৰামত লিখিছে,''বিশ্বৰ দীঘলীয়া বাছ যাত্ৰা, মে' ২০২১''। কোম্পানীটোৱে লগতে কয় যে অহা বছৰ ভাৰতে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত এই ঐতিহাসিক দিল্লী-লণ্ডন বাছ সেৱা আৰম্ভ কৰা হ'ব।

কেৱল সেয়াই নহয়, প্ৰতিষ্ঠানটোৱে ৱেবছাইটত এই বাছ যাত্ৰাৰ সময়ত যাত্ৰীসকলক ম্যানমাৰ, চীন, উজবেকিস্তান, কাজাখাস্তান, ৰাছিয়া আদিৰ লগতে ইউৰোপীয় দেশসমূহৰ বিখ্যাত পৰ্যটন স্থান সমূহ দৰ্শনৰ সুবিধা প্ৰদান কৰিব বুলিও প্ৰকাশ কৰিছে।স্বাভাৱিকতে দিল্লী আৰু লণ্ডনৰ মাজত আৰম্ভ হ'বলগীয়া বাছ যাত্ৰাক লৈ অগণন লোকৰ মনত কৌতুহলৰ সৃষ্টি হৈছে। বহুজনে ইয়াক লৈ আগ্ৰহ প্ৰকাশ কৰিছে। ই বিশ্বৰ সবাতোকৈ দীৰ্ঘ দূৰত্বৰ বাছ সেৱা হব।

আৰু চাব পাৰেঃ ক'ৰ'না মহামাৰী অন্ত পৰিবলৈ আৰু দুবছৰ লাগিবঃ ঘেব্ৰেয়েছাছ

Next Story
চাকৰি