Begin typing your search above and press return to search.

কম দামত কাপ-প্লেট কিনিবলৈ শ্ৰীলংকালৈ ব্যক্তিগত বিমানেৰে গৈছিল নীতা আম্বানি

ব্যক্তিগত বিমানত উঠি শ্ৰীলংকালৈ গৈ তাৰ পৰা তুলনামূলকভাবে কম দামত সেই পচন্দৰ কাপ-প্লেট ক্ৰয় কৰি আনে ৷

কম দামত কাপ-প্লেট কিনিবলৈ শ্ৰীলংকালৈ ব্যক্তিগত বিমানেৰে গৈছিল নীতা আম্বানি

RaktimBy : Raktim

  |  12 Aug 2021 10:40 AM GMT


ক'ৰনা মহামাৰীয়ে বহু লোকৰ জীৱনত আৰ্থিক জটিলতাৰ সৃষ্টি কৰিছে ৷ স্বাভাৱিকতে অধিক ধনৱন্তসকললৈ এই মহামাৰীয়ে আৰ্থিক সংকট কঢ়িয়াব পৰা নাই ৷ আপুনি হয়তো পাহৰি গৈছে ভাৰতৰ সবাতোকৈ চহকী ব্যক্তিজনৰ কথা বা তেওঁৰ পৰিয়ালৰ কথা। আপুনি নিশ্চয় জানে, সেই ব্যক্তিজন হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানি ৷ আম্বানিৰ পত্নী নীতা আম্বানিৰ নামো নিশ্চয় আপোনাৰ চিনাকী ৷ মুকেশ আম্বানিৰ পত্নী হোৱাৰ উপৰি নীতা আম্বানি কিছু সামাজিক কাম-কাজৰ লগতো জড়িত ৷ নীতা আম্বানি মিতব্যয়ীও । ধন অযথা ব্যয় নকৰে। ১১ বছৰ পূৰ্বে তেওঁ খৰচ কমাবলৈ যি কৰিলে, সেয়া জানিবলৈ পালে আপুনি আচৰিত হ'ব ৷

মুম্বাইৰ প্ৰাসাদোপম অট্টালিকাৰ ওচৰৰে বজাৰলৈ ১১ বছৰ পূ্ৰ্বে এদিন এদিন নীতাই কাপ-প্লেট, থাল আদি কিচ্ছেনৰ সামগ্ৰী কিনিবলৈ গৈছিল। কিন্তু দোকানত তেওঁ পচন্দৰ ব্ৰেণ্ডৰ কাপ-প্লেট, থাল আদিৰ দাম অধিক পালে ৷ সেয়ে তেওঁ ঘৰলৈ আহি ব্যক্তিগত বিমানত উঠি শ্ৰীলংকালৈ গৈ তাৰ পৰা তুলনামূলকভাবে কম দামত সেই পচন্দৰ কাপ-প্লেট ক্ৰয় কৰি আনে ৷ তেওঁ ২৫ হেজাৰ এনে সামগ্ৰী ক্ৰয় কৰি আনিছিল।

আম্বানি দম্পত্তীৰ মুম্বাইৰ প্ৰাসাদোপম অট্টালিকা এণ্টিলা বিশ্বৰ দ্বিতীয় ব্যয়বহুল অট্টালিকা। এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ইংলেণ্ডৰ বাকিংহাম পেলেচ।

২০১০ত এণ্টিলাৰ নিৰ্মাণ সম্পূৰ্ণ হয়। সেই সূত্ৰে নীতা আম্বানিয়ে কিচ্ছেন অথবা পাকঘৰৰ সামগ্ৰী যেনে কাপ-প্লেট, থাল আদিৰ প্ৰয়োজন হয়। কিন্তু তেওঁ ওচৰৰ বজাৰত তেওঁৰ পচ্ছন্দৰ সামগ্ৰীৰ দাম অধিক পালে ৷ সেয়ে তেওঁ ব্যক্তিগত বিমান লৈ শ্ৰীলংকালৈ উৰা মাৰে ৷ তাৰ পৰা তেওঁ এই সামগ্ৰীসমূহ ক্ৰয় কৰাত আম্বানিৰ কে'বা লাখ ডলাৰ ৰাহি হয়। নীতাৰ পচ্ছন্দৰ এই কাপ-প্লেট, থাল আদিৰ ব্ৰেণ্ডটো আছিল জাপানৰ নৰিটেক ৷ এই ব্ৰেণ্ড এশ বছৰ পুৰণি ব্ৰেণ্ড ৷ ইয়াৰ দাম সাধাৰণ মানুহৰ বাবে অবিশ্বাস্য। নীতা আম্বানিয়ে ১৫ শ কিলোমিটাৰ উৰা মাৰি গৈ শ্ৰীলংকাৰ পৰা ক্ৰয় কৰি অনা সেই কাপ-প্লেটসমূহৰ মাজৰ পৰা তেওঁ কিছুসংখ্যক বিভিন্নজনক দেৱালীৰহউপহাৰ দিয়ে ৷ তেওঁ ক্ৰয় কৰা নৰিটেকৰ সামগ্ৰী বিশ্বৰ অতি চহকীসকলে ক্ৰয় কৰে ৷

Next Story
চাকৰি