অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সোঁৱৰণত বন্তি প্ৰজ্বলন অনুৰাগীৰ

অভিনেতাগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গই লাহে লাহে এই ক্ষতিৰ লগত অভ্যস্ত হ'বলৈ চেষ্টা কৰি আছে।
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সোঁৱৰণত বন্তি প্ৰজ্বলন অনুৰাগীৰ
Published on

যোৱা ২ ছেপ্টেম্বৰত হঠাতে অকাল বিয়োগ ঘটে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ। স্বাভাৱিকতে এই খবৰ অতি অ-প্ৰত্যাশিত আছিল ৷ শোকস্তব্ধ হৈ পৰে তেওঁৰ অনুৰাগীসকল ৷ মাজত এটি শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।

অভিনেতাগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গই লাহে লাহে এই ক্ষতিৰ লগত অভ্যস্ত হ'বলৈ চেষ্টা কৰি আছে। আৰু ঠিক একে সময়তে তেওঁৰ লক্ষ্য লক্ষ্য অনুৰাগীয়ে তেওঁৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰা দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ  কৰিছে । তেওঁলোকে কয় যে তেওঁলোকৰ মৰমৰ অভিনেতা গৰাকী সদায় তেওঁলোকৰ হৃদয়ত থাকিব।

কিছুৰ বাবে ই এটি অত্যন্ত কঠোৰ সময়। ২ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ অভিনেতাগৰাকীয়ে ইহলীলা ত্যাগ কৰা খবৰে সৰু পৰ্দাৰ লগতে বলিউড জগততো শোকৰ ছাঁ পেলাইছে। যোৱা ৩ছেপ্টেম্বৰত অভিনেতাগৰাকীৰ শেষকৃত্য সমাপন কৰা হয়। সৰু পৰ্দাৰ বিভিন্ন অভিনেতা সকলে তেওঁৰ শেষকৃত্যত তেওঁক সন্মান জনোৱাৰ উপৰি বহু বলিউডৰ তাৰকাই চছিয়েল মেডিয়াৰ দ্বাৰা নিজৰ শোক প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com