Begin typing your search above and press return to search.

বিবাহ পাশত আবদ্ধ হ'ল হাইদৰাবাডৰ সমকামী দম্পতী

৮বছৰৰ দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত, বৰ্তমান এই দুয়োগৰাকী অফিচিয়েল ভাৱে বান্ধ খাইছে, "স্বামী আৰু স্বামী"ৰ সম্বন্ধত

বিবাহ পাশত আবদ্ধ হল হাইদৰাবাডৰ সমকামী দম্পতী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 8:13 AM GMT

পৰিয়ালবৰ্গ আৰু ঘনিষ্ঠ বন্ধু সকলৰ উপস্থিতিত এটি বান্ধোনত আবদ্ধ হ'ল হাইদৰবাডৰ এটি সমকামী দম্পতী। এজনে আনজনক আঙুঠি বিনিময় কৰি চিৰজীৱনৰ বাবে একেলগে থকাৰ প্ৰতিশ্ৰুতি ল'লে এই বিশেষ দম্পতিয়ে। এই ব্যক্তিগত অনুষ্ঠান উদযাপন কৰে যোৱা শনিবাৰে হাইদৰাবাডৰ সীমান্তত অৱস্থিত এখন ৰিজৰ্তত।



নিজৰ সকলো অনুৰাগীৰ সৈতে এই দম্পতীটোৱে - সুপ্ৰিয় চক্ৰৱৰ্তী (৩১) আৰু অভয় দাং (৩৪), নিজৰ বিবাহ অনুষ্ঠান উদযাপন কৰে। এই বিশেষ অনুষ্ঠানত একেলগে প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় বেংগলী আৰু পাঞ্জাৱী সকলৰ বিবাহৰ নিয়মাৱলী সমূহ, কিয়নো এখন হোটেল মেনেজমেন্টৰ প্ৰতিষ্ঠানত শিক্ষকতা কৰা সুপ্ৰিয় হৈছে বেংগলী সম্প্ৰদায়ৰ আৰু অন্যহাতে এটি বহুজাতিক কোম্পানীত কৰ্মৰত অভয় হৈছে দিল্লীৰ এটি পাঞ্জাৱী পৰিয়ালৰ সন্তান।


৮বছৰৰ দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত, বৰ্তমান এই দুয়োগৰাকী অফিচিয়েল ভাৱে বান্ধ খাইছে, "স্বামী আৰু স্বামী"ৰ সম্বন্ধত। এই বিবাহ অনুষ্ঠান সমাপন কৰে হাইদৰাবাডৰ এগৰাকী ট্ৰেনভেষ্টাইট মহিলা, ছফিয়া ডেভিদে।



এই বিশেষ বিবাহ অনুষ্ঠানৰ অতিথি ৰূপে উপস্থিত থকা এগৰাকী জ্যেষ্ঠ সাংবাদিকে জনাই, "অলপ পৃথক সন্ধিয়া উপভোগ কৰিলোঁ আজি। হাইদৰাবাডৰ সমীপত অৱস্থিত এখন ৰিজৰ্তত এগৰাকী হোটেল মেনেজমেন্টৰ প্ৰতিষ্ঠানত শিক্ষক আৰু এগৰাকী বহুজাতিক কোম্পানীৰ কৰ্মচাৰীৰ মাজত অনুষ্ঠিত হোৱা এখন বিবাহৰ উপভোগ কৰিলোঁ। এই বিবাহ অনুষ্ঠান সমাপন কৰে এগৰাকী ট্ৰেনভেষ্টাইট মহিলাই। এই অনুষ্ঠানত উপস্থিত হয় দুয়োগৰাকী যুৱকৰ পৰিয়ালবৰ্গ আৰু বন্ধু সকল, যিয়ে এই কথা ডাঙি ধৰে যে সময়ৰ লগে লগে আমাৰ ভাৰতৰ চিন্তাধাৰা কেনেদৰে সলনি হৈছে।"



আৰু পঢ়ক : ৱাহ তাজ! পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাইত অসমৰ আটাইতকৈ প্ৰিয় দম্পতী



Next Story
চাকৰি