Begin typing your search above and press return to search.

ট্ৰাইগ' টেক্সঃ ৰাজ্যৰ কৃষকৰ বাবে বিশেষ মিনি ট্ৰেক্টৰ উদ্ভাৱন কনক গগৈৰ

প্ৰাপ্ত তথ্য অনুসৰি গগৈয়ে ট্ৰাইগ’ টেক্স নামৰ এখন বিশেষ মিনি ট্ৰেক্টৰ উদ্ভাৱন কৰিছে।

ট্ৰাইগ টেক্সঃ ৰাজ্যৰ কৃষকৰ বাবে বিশেষ মিনি ট্ৰেক্টৰ উদ্ভাৱন কনক গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 July 2020 12:03 PM GMT

বিভিন্ন অশুভ খবৰৰ মাজতে সুখবৰ! নিবনুৱা সমস্যাত ভাৰাক্ৰান্ত অসমলৈ সুখবৰ কঢ়িয়াই আনিছে বিশিষ্ট উদ্ভাৱক কনক গগৈয়ে। প্ৰাপ্ত তথ্য অনুসৰি গগৈয়ে ট্ৰাইগ' টেক্স নামৰ এখন বিশেষ মিনি ট্ৰেক্টৰ উদ্ভাৱন কৰিছে।

গুৱাহাটীৰ উপকন্ঠত থকা কাৰখানাত সম্প্ৰতি উদ্ভাৱকগৰাকী ব্যস্ত হৈ আছে তেওঁৰ নতুন উদ্ভাৱনত শেষ স্পৰ্শ দিয়াত। তেওঁৰ এই নতুন উদ্ভাৱন কৃষকসকলৰ বাবে বহু সহায়ক হোৱাৰ লগতে নিবনুৱা যুৱকসকলক সংস্থাপনৰ সন্ধান দিয়াৰ সম্ভাৱনা আছে। বিশেষকৈ সেইসকল যুৱকক যিসকলে শেহতীয়া ল'কডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি আহিছে ।

। এই ট্ৰেক্টৰ গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছিল।

উল্লেখ্য যে গগৈৰ বিশেষ কাৰখানাত ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা হৈছে হভাৰক্ৰাফট , এমফিবিয়াছ ক্ৰাফট, বিদ্যুৎ উৎপাদন কৰিব পৰা ৰাম্বল ষ্ট্ৰীপ, কম্প্ৰেছড বায়ুৰে চলিব পৰা গাড়ী তথা বিখ্যাত গ্ৰেভিটেছনেল বাইচাইকেল। গগৈয়ে কয় যে তেওঁক এই মিনি ট্ৰেক্টৰ সাজি উলিয়াবলৈ মাত্ৰ ডেৰ মাহ সময়ৰ প্ৰয়োজন হয়।

Next Story