Begin typing your search above and press return to search.

১০বছৰ এটা কোঠালিত প্ৰেমিকাক আবদ্ধ কৰি ৰখাৰ পাছত বিয়া কৰালে প্ৰেমিকে

তেওঁ লুকাই থকা ঘৰত আছিল ৩টা অন্য কোঠালী আৰু ১টা পাকঘৰ।

১০বছৰ এটা কোঠালিত প্ৰেমিকাক আবদ্ধ কৰি ৰখাৰ পাছত বিয়া কৰালে প্ৰেমিকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2021 8:37 AM GMT

১০বছৰ দিন প্ৰেমিকাক গোপনে এটা কোঠালিত আবদ্ধ কৰি ৰখা কেৰালাৰ এজন যুৱকে অৱশেষত বৈধভাবে তেওঁৰ সৈতে অলপতে বিয়াত বহে । যুৱকজনৰ নাম ৰহমান আৰু তেওঁ প্ৰেমিকাৰ নাম সঞ্জিতা।

স্থানীয় উপ-পঞ্জীয়কৰ কাৰ্যালয়ত বিশেষ বিবাহ বিধিৰ অধীনত যোৱা বুধবাৰে বিবাহপাশত আবদ্ধ হয় এই দুয়ো।

বিবাহৰ পাছতেই তেওঁলোকৰ সৈতে দেখা কৰে স্থানীয় বিধায়ক কে. বাবু আৰু যুৱতীগৰাকীৰ অভিভাৱকে। পিছে প্ৰেমিক ৰহমানৰ অভিভাৱকে এই অনুষ্ঠানত ভাগ নললে। কাৰণ তেওঁলোক এই বিবাহৰ বিৰুদ্ধে আছিল। যোৱা ২০১০-ৰ ফেব্ৰুৱাৰীতে সঞ্জিতা নিৰুদ্দেশ হয়। পুলিচৰ কাষ চপা হয় যদিও, তেওঁলোক সঞ্জিতাৰ কোনো শুং সূত্ৰ উলিওৱাত বিফল হয় । ৰহমান আৰু সঞ্জিতাৰ মতে, যোৱা ১০বছৰৰ পৰা প্ৰায় ১০০মিটাৰ মান অৱস্থিত এটি ঘৰতে আত্মগোপন কৰি আছিল সঞ্জিতাই।

তেওঁ লুকাই থকা ঘৰত আছিল ৩টা অন্য কোঠালী আৰু ১টা পাকঘৰ। যিহেতু ঘৰৰ ভিতৰত কোনো স্নানাগাৰ নাছিল সেয়ে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ সঞ্জিতা খিৰিকিৰে বাহিৰলৈ ওলাইছিল। এই বছৰৰ জুনত বছিৰ নামৰ এজন ট্ৰাকচালক তেওঁৰ ভাতৃ ৰহমানক পলক্কাদ নগৰৰ পৰা ৩০কিলোমিটাৰ দূৰত্বত অৱস্থিত নামেৰালৈ মটৰ চাইকেল চলাই যোৱা দেখা পায়। খবৰ অনুসৰি যোৱা ১০জুন তাৰিখৰ পৰা পৰিয়ালে ৰহমানৰ কোনো সদ্ভেদ পোৱা নাছিল আৰু ৰহমানৰ ভাতৃয়ে আৰক্ষীকো জনাইছিল। আৰক্ষীয়ে ৰহমানক আটক কৰাৰ পাছতে তেওঁৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰা হয় ৩৫বছৰীয়া সঞ্জিতাক। পৰবৰ্তী সময়ত সোধপোছত তেওঁ ব্যক্ত কৰে যে ১১বছৰ আগেয়ে সেই থানাৰ সীমাৰ ভিতৰৰ পৰাই তেওঁ অন্তৰ্ধান হৈছিল।


আৰু পঢ়িব পাৰেঃ লগত নিলে পোহনীয়া কুকুৰঃ দুঘণ্টাৰ বিমানযাত্ৰাতে ভৰিল দুই লাখ টকা


Next Story
চাকৰি