Begin typing your search above and press return to search.

শাড়ী পৰিধান কৰি মিলানবাসীৰ অন্তৰ জয় কৰিলে কলকাতাৰ এজন ব্যক্তিয়ে

ফেশ্বন মাৰ্কেটিং আৰু কমিউনিকেশ্বনৰ ছাত্ৰ পুষ্পকে বিশ্বৰ সকলোকে মন মুগ্ধ কৰে।

শাড়ী পৰিধান কৰি মিলানবাসীৰ অন্তৰ জয় কৰিলে কলকাতাৰ এজন ব্যক্তিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2021 9:04 AM GMT

কাপোৰেৰে লিংগ নিৰ্ধাৰণ কৰা দিন এতিয়া মাত্ৰ ইতিহাস। বৰ্তমান সময়ত পুৰুষ সকলকো "কেৱল নাৰী" সকলৰ বাবে নিৰ্ধাৰণ কৰা বস্ত্ৰ সমূহ অতি সহজ আৰু আৰামদায়কভাবে পৰধাৰণ কৰা দেখিবলৈ পোৱা যায়। এই নতুন ফেশ্বনৰ আৰ্হি ৰূপে হেৰী ষ্টাইলছ, ৰণবীৰ সিং আৰু কোৰিয়াৰ জনপ্ৰিয় বেণ্ড বি. টি. এছ. আদিৰ দৰে প্ৰসিদ্ধ তাৰকাসকলো দেখিবলৈ পোৱা যায়।

অৱশ্যে কেৱল এই তাৰকাসকলেই নহয়, কেমেৰাৰ আঁৰটো বৰ্তমান বহু লোকে লিংগ নিৰ্ধাৰিত এই সাজপাৰৰ বহুল্যতাক ইতি পেলাবলৈ উঠি পৰি লাগিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টাই ইণ্টাৰনেট জগতত এক নতুন বিপ্লৱৰ ঢৌ তুলিছে।

কলকাতাৰ পুষ্পক সেন এই নতুন বিপ্লৱৰ এক অংশীদাৰ। শাড়ী পৰিধান কৰি আৰু কপালত ফোঁট আঁকি এটি সুন্দৰ চিত্ৰগ্ৰহণৰ বাবে প'জ দিয়া পুষ্পকৰ এই ৰূপে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইটালীৰ ফ্লৰেন্স চহৰৰ ফেশ্বন মাৰ্কেটিঙ আৰু কমিউনিকেশ্বনৰ ছাত্ৰ পুষ্পকে বিশ্বৰ অন্যতম ফেশ্বন ৰাজধানী মিলানৰ ৰাস্তাত কৰা এটি সুন্দৰ চিত্ৰগ্ৰহণৰ দৃশ্যই সকলোৰে মন মুগ্ধ কৰে।

সেনে নিজৰ ফটো ফে'চবুকযোগে শ্বেয়াৰ কৰিছে। ফটোত তেওঁক দেখিবলৈ পোৱা গৈছে শাড়ী পৰিহিত অৱস্থাত। যাৰ ওপৰত তেওঁ পৰিধান কৰিছে এটা কোট। কপালত ৰঙা ডাঙৰ ফোঁট আৰু ছানগ্লাচেৰে তেওঁক দেখাত সাহসী দেখা গৈছে। সেনৰ এটি হাতত দেখা গৈছে এটি ছাতি আৰু আনটোত এটা বেগ।

ফটোখনৰ শিৰোনামত তেওঁ লিখিছে, "তেওঁলোকে কৈছিল পুৰুষ হৈ এখনি শাৰীৰে মোৰ কোনো উন্নতি সাধন নকৰে। কিন্তু এতিয়া আপোনালোকে অনুমান কৰক এই সাজ পিন্ধিয়েই বিশ্বৰ অন্যতম ফেশ্বন ৰাজধানীৰ ৰাস্তাত কোনে খোজ কাঢ়িলে?"

এই বিশেষ পোষ্টটোৱে সমগ্ৰ ইণ্টাৰনেট জগতৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। কোনোৱে তেওঁৰ আকৰ্ষণীয় ৰূপৰ প্ৰশংসা কৰিছে আৰু আনসকলে সাজপাৰ ইমান সুন্দৰকৈ পৰিধান কৰাৰ বাবে তেওঁক প্ৰশংসা কৰিছে।


আৰু পঢ়িব পাৰেঃ ২০০৮ চনৰ এল'ন মাস্কৰ থ্ৰোবেক ভিডিঅ' ভাইৰেল হ'ল ইণ্টাৰনেটত

Next Story
চাকৰি