Begin typing your search above and press return to search.

অবৈধ প্ৰেমৰ পৰিণতি - যোধপুৰত মৃত্যু ২৯ বছৰীয়া যুৱকৰ

অপৰিকল্পনীয় পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিবৰ বাবে কোনো আগ-গুৰি নভৱাকৈ পঞ্চম মহলাৰ পৰা তললৈ বুলি জাপ মাৰে যুৱক গৰাকীয়ে

অবৈধ প্ৰেমৰ পৰিণতি - যোধপুৰত মৃত্যু ২৯ বছৰীয়া যুৱকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2021 8:38 AM GMT

যোৱা মঙলবাৰে, ৰাজস্থানৰ যোধপুৰ জিলাত সংঘটিত হয় এক অদ্ভুত কাণ্ড। পঞ্চম মহলাৰ পৰা জঁপিয়াই মৃত্যমুখী হয় এগৰাকী ২৯বছৰীয়া যুৱক।

ঘটনা ক্ৰমে, প্ৰেমিকাৰ স্বামীৰ অনুপস্থিতিৰ সুযোগ লৈ, তেওঁক লগ ধৰাৰ উদ্দেশ্যৰে ঘৰত গৈ উপস্থিত হয় তেওঁৰ প্ৰেমিক। কিন্তু এই প্ৰেমিক যোৰাৰ সকলো কল্পনা - জল্পনাৰ অন্ত পৰে, যেতিয়া হঠাতে ঘৰ আহি উপস্থিত হয় স্বামী। এনে এক অপৰিকল্পনীয় পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিবৰ বাবে কোনো আগ-গুৰি নভৱাকৈ পঞ্চম মহলাৰ পৰা তললৈ বুলি জাপ মাৰে ২৯বছৰীয়া যুৱক গৰাকীয়ে। আৰু থিতাতে মৃত্যু ঘটে যুৱক গৰাকীৰ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মৃতক যুৱকজনৰ নাম আছিল মোহছিন, তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা। তেওঁ নিজেও এগৰাকী বিবাহিতা মহিলাৰ সৈতে লিভ–ইন সম্পৰ্কত আছিল। মহিলাগৰাকী আৰু গাওঁৰ এগৰাকী নাবালিকা কন্যাৰ সৈতে মোহছিন বাস কৰিছিল যোধপুৰৰ প্ৰতাপনগৰ অঞ্চলত।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দুবছৰ পূৰ্বে মোহছিনৰ সৈতে নাইনিতালত দেখা হৈছিল প্ৰেমিকাৰ। আৰু পৰৱৰ্তী সময়ত এই চিনাকীয়ে ৰূপ লৈছিল পৰকীয় প্ৰেমৰ। আৰক্ষীয়ে জনাইছে যে , পত্নীৰ এই অবৈধ সম্পৰ্কৰ বিষয়ে স্বামীয়ে জানিব পৰা নাছিল যদিও, বহু আগৰে পৰা চোকা দৃষ্টি ৰাখিছিল। মঙলবাৰে কিছু কামৰ সূত্ৰে স্বামী বাহিৰলৈ ওলাই যোৱাৰ পাছতে ঘৰ আহি উপস্থিত হয়, কিন্তু কিছু সময়ৰ পাছতেই পৰে পুনৰ দৰ্জাত টোকৰ পৰাত হচকিত হয় দুয়ো। স্বামী ঘূৰি অহাৰ কথা জানিব পাৰি ভয়তে পঞ্চম মহলাৰ বাৰান্দাৰ পৰা জাপ দিয়ে প্ৰেমিক মোহছিনে। আৰু তাৰ পাছত সকলো ধূসৰ।

অৱশ্যে, প্ৰেমিক মোহছিনক ততাতয়াকৈ চিকিৎসালয়লৈ, য'ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃতক গৰাকীৰ সৈতে লিভ–ইনত থকা মহিলা গৰাকী বৰ্তমান পলাতক অৱস্থাত। মৃতক মোহছিনৰ মৃতদেহ আৰক্ষীয়ে চমজাই দিয়ে তেওঁৰ পৰিয়ালবৰ্গক।


আৰু পঢ়ক : নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বাবে ২০বছৰৰ কাৰাদণ্ড অৰুণাচলৰ এগৰাকীক


Next Story
চাকৰি