সাত বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত আজীৱন কাৰাদণ্ড

মাত্ৰ ৭বছৰীয়া এই নাবালিকা গৰাকীক ধৰ্ষণ কৰা অপৰাধী গৰাকীৰ নাম হৈছে চামিনুৰ হক
সাত বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত আজীৱন কাৰাদণ্ড
Published on

শাৰীৰিক নিৰ্যাতনৰ পৰা শিশু সংৰক্ষণ অধিনিয়ম ২০১২ৰ (POCSO) খণ্ড ৬ৰ অধীনত ভাৰতীয় আইনী ব্যৱস্থাৰ ৩৭৬ এ বি আৰু আৰ/ দাব্লিউৰ অধীনত, এগৰাকী ৭বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত কোকৰাঝাৰৰ বিশেষ ন্যায়ালয়ৰ ন্যায়ধীশ চন্দ্ৰাংশু চাতুৰ্ভেদিয়ে আজীৱনৰ বাবে কঠোৰ কাৰাদণ্ড আৰু লগতে ২৫,০০০/- টকাৰ জৰিমণা বিহা, আৰু তেনে কৰিব নোৱাৰিলে ৩বছৰৰ কাৰাদণ্ড বিহাৰ শাস্তি ঘোষণা কৰিছে।

মাত্ৰ ৭বছৰীয়া এই নাবালিকা গৰাকীক ধৰ্ষণ কৰা অপৰাধী গৰাকীৰ নাম হৈছে চামিনুৰ হক।

বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে এই ঘটনাৰ ভুক্তভোগী গৰাকীক পৰ্যাপ্ত ক্ষতিপুৰণ প্ৰদান কৰিবৰ বাবে জিলা আইনী সেৱা কৰ্তৃপক্ষ লৈ আদেশ জাৰি কৰিছে।

এই কথা উল্লেখযোগ্য যে, যোৱা ২৩/০৮/২০২১ তাৰিখে আৰোপী চামিনুৰ হকৰ বিৰুদ্ধে কোকৰাঝাৰ জিলাৰ, কাজিগাওঁ আৰক্ষী থানাত দাখিল কৰা হৈছিল এই গুৰুতৰ অভিযোগ। ভুক্তভোগী গৰাকীৰ মাতৃয়ে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰে যে এক বিবাহ অনুষ্ঠানৰ বাবে তেওঁ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সুযোগ লৈ আৰোপী চামিনুৰ হকে তেওঁৰ ৭বছৰীয়া কন্যাক ওচৰৰে এখন পাৰ্কলৈ লৈ যায়, আৰু তাতেই সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড।

ইয়াৰ পাছতেই এই অভিযোগৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আৰম্ভ কৰে নিজৰ তদন্ত। আৰু এই ঘটনাত মুঠ ১৬গৰাকী সাক্ষী বিচাৰি পালে। এই ঘটনাৰ আৰোপী গৰাকীক শেহতীয়া কৈ এই শাস্তি বিহিছে বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com