Begin typing your search above and press return to search.

লগত নিলে পোহনীয়া কুকুৰঃ দুঘণ্টাৰ বিমানযাত্ৰাতে ভৰিল দুই লাখ টকা

লোকজনেএই সকলো আসন বুক কৰে, যাতে তেওঁ আৰু তেওঁৰ পোহনীয়া কুকুৰটোৱে বিমানখনত আনন্দেৰে ভ্ৰমণ কৰিব পাৰে।

লগত নিলে পোহনীয়া কুকুৰঃ দুঘণ্টাৰ বিমানযাত্ৰাতে ভৰিল দুই লাখ টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2021 7:35 AM GMT

নিজৰ পোহনীয়া কুকুৰলৈ বিমানত ভ্ৰমণ কৰিলে এজন ব্যক্তিয়ে। ইয়াৰ বাবে তেওঁ অতিৰিক্ত খৰচ বহন কৰিবলগীয়া হল। এনেদৰে প্ৰকাশ পাৰে ব্যক্তিজনৰ পোহনীয়া প্ৰাণীৰ প্ৰতি থকা অত্যধিক মৰম-স্নেহ। মুম্বাইৰ পৰা চেন্নাইলৈ যাত্ৰা কৰিব লগা এজন ব্যক্তিয়ে তেওঁৰ পোহনীয়া কুকুৰৰ সৈতে ভ্ৰমণ কৰিবলৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ গোটেই ব্যৱসায়িক শ্ৰেণীৰ কেবিন বুক কৰে। দুঘণ্টাৰ বিমানযাত্ৰাৰ বাবে ২.৪ লাখ টকা খৰচ কৰিলে লোকজনে ।

কুকুৰটোৱেও বুধবাৰে পুৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই-৬৭১ ত উঠে। কুকুৰৰগৰাকীয়ে দুঘণ্টা দীঘলীয়া বিমানখনৰ বাবে ২.৪ লাখ টকা খৰচ কৰে।

তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়া এ৩২০ বিমানৰ জে-শ্ৰেণীৰ কেবিনত ১২ খন আসন আছে। বাতৰি অনুসৰি সেই লোকজনেএই সকলো আসন বুক কৰে, যাতে তেওঁ আৰু তেওঁৰ পোহনীয়া কুকুৰটোৱে বিমানখনত আনন্দেৰে ভ্ৰমণ কৰিব পাৰে। মুম্বাইৰ পৰা চেন্নাইলৈ ব্যৱসায়িক শ্ৰেণীৰ টিকটৰ গড় ব্যয় ১৮,০০০ টকাৰ পৰা ২০,০০০ টকাৰ ভিতৰত। অৰ্থাৎ সেই যাত্ৰীজনে ১২ খন আসনৰ বাবে ২ লাখ ৪০ হাজাৰ টকা পৰিশোধ কৰিবলগীয়া হয়।

আৰু পঢ়িব পাৰেঃ মালদ্বীপৰ সমুদ্ৰৰ সৌন্দৰ্যত আত্মবিভোৰ ছাৰা আলী খান, ফটোৱে ক'লে বহু কথা

Next Story
চাকৰি