Begin typing your search above and press return to search.

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্তত কৃতিত্বৰে উত্তীৰ্ণ নাহিদ আফ্ৰিন

পঢ়া-শুনাৰ সমান্তৰালকৈ নাহিদে সংগীতৰ চৰ্চা-সাধনাও অব্যাহত ৰাখিছে। তেওঁৰ ভৱিষ্যতৰ লক্ষ্য হৈছে চিকিৎসক হোৱা

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্তত কৃতিত্বৰে উত্তীৰ্ণ নাহিদ আফ্ৰিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-14T18:32:30+05:30

সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিন। প্ৰাপ্ত তথ্য অনুসৰি কালি ঘোষিত চি বি এছ ই পৰীক্ষাত নাহিদে ৯৬.৪শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। তেওঁ গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। স্বাভাৱিকতে কন্যাৰ সাফল্যক লৈ নাহিদ পিতৃ আনোৱাৰ আনছাৰী আৰু মাতৃ ফাতিমা আনছাৰী নাহিদৰ সাফল্যক লৈ আনন্দিত।

পঢ়া-শুনাৰ সমান্তৰালকৈ নাহিদে সংগীতৰ চৰ্চা-সাধনাও অব্যাহত ৰাখিছে। তেওঁৰ ভৱিষ্যতৰ লক্ষ্য হৈছে চিকিৎসক হোৱা । ইয়াৰ পূৰ্বে বিশ্বনাথৰ বাসিন্দা নাহিদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

২০১৮ বৰ্ষত নাহিদে লিটল ষ্টাৰ হাইস্কুলৰ পৰা ৯১.৫% নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

উল্লেখ্য যে ছ'নি টিভিৰ সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইড'লৰ মঞ্চত নিজৰ প্ৰতিভাৰ উমান দি অহা নাহিদ এতিয়া অসমৰ সংগীত জগতৰ এক উজ্বল নক্ষত্ৰ।

Next Story