আশাহত নহ'ব!টিকটক ব্যৱহাৰকাৰীৰ বাবে মুকলি হ'ল Roposo

ই এপৰ বৰ্তমান ব্যৱহাৰকাৰী হৈছে ৬ কোটি ৫০ লাখ।
আশাহত নহ'ব!টিকটক ব্যৱহাৰকাৰীৰ বাবে মুকলি হ'ল Roposo

শত্ৰু দেশ চীনৰ ৫০ টাৰো এপ সম্প্ৰতি ভাৰতত নিষিদ্ধ কৰা হৈছে। এনে এপৰ অন্যতম হৈছে ইতিমধ্যে বিপুল জনপ্ৰিয়তা অৰ্জন কৰা টিকটক। ভাৰততো বহু লোকে টিকটক ব্যৱহাৰ কৰিছিল। সম্প্ৰতি এইসকল লোকে টিকটকৰ পৰিৱৰ্তে আন এটা মনোৰঞ্জনধৰ্মী এপ ব্যৱহাৰ কৰিব পৰাৰ সুবিধা উলাইছে। প্ৰাপ্ত তথ্য অনুসৰি Roposo শীৰ্ষক এটা এপ বজাৰলৈ আহিছে। এই এপৰ বৰ্তমান ব্যৱহাৰকাৰী হৈছে ৬ কোটি ৫০ লাখ। TikTok, Likee, Bigo Live, Vigo Videoৰ দৰে চীনা এপসমূহ বন্ধ হোৱাৰ ফলত Roposoৰ জনপ্ৰিয়তা বাঢ়িছে। গ্লাঞ্চ (Glance) নামৰ সংস্থাটোৰ শাখা হৈছে Roposo। এই সম্পৰ্কত সংস্থাটোৰ সহঃ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মায়াংক ভাঙ্গাডিয়াই কয়, "আমাৰ ট্ৰেফিকৰ বহু উন্নতি দেখিবলৈ পাইছো। বহু মানুহ আকৰ্ষিত হৈছে এই এপৰ প্ৰতি। এয়া কোম্পানীৰ বাবে ভাল লক্ষণ"। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com