Begin typing your search above and press return to search.

বিৰিয়ানি কিনিলে বিনামূ্ল্য বিলাহী দিছে চেন্নাইৰ হোটেলে

১কেজি ওজনৰ বিলাহীৰ সলনি ১কেজি বিৰীয়ানী ক্ৰয় কৰিব পাৰে

বিৰিয়ানি কিনিলে বিনামূ্ল্য বিলাহী দিছে চেন্নাইৰ হোটেলে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 10:51 AM GMT

বৰ্তমান সময়ত ৰাজ্য খনৰ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে বিলাহীৰ দাম। ইয়াৰ ফল স্বৰূপে ক্ৰয় কৰিবলৈ অসমৰ্থ হোৱাৰ হেতুকে, প্ৰিয় খাদ্য সামগ্ৰী সমূহৰ পৰা সম্পৰ্ক এৰাই চলিব লগীয়া হৈছে বহুতো লোকে। কিন্তু, এনে এক সময়তে দক্ষিণৰ চেন্নাইৰ এখন হোটেলে এক আচৰ্য্যকৰ বিশেষ প্ৰস্তাৱ ডাঙি ধৰিছে।

এই বিশেষ হোটেল খনৰ নাম, অম্বুৰ বিৰিয়ানি, স্থান চথোপক্কাম। এই বিশেষ হোটেলখনে ঘোষণা কৰিছে যে গ্ৰাহক সকলে ১কেজি ওজনৰ বিলাহীৰ সলনি ১কেজি বিৰীয়ানী ক্ৰয় কৰিব পাৰে, নতুবা পইছাৰ বিনিময়ত বিৰিয়ানী ক্ৰয় কৰিলে প্ৰতি কেজিতে ফ্ৰী পাব পাৰে আধা কেজিকৈ বিলাহী।

"বিলাহীৰ দাম অতিকৈ বৃদ্ধি পোৱাৰ পাছতেই আমাৰ মনলৈ এই উদ্ভাৱনীয় পৰিকল্পনা আহিল। বৰ্তমান সময় লৈকে প্ৰায় ৩৫০ গৰাকী গ্ৰাহকে ১কেজীকৈ বিৰিয়ানী ক্ৰয় কৰিছে আৰু নিজৰ লগত ফ্ৰী বিলাহী লৈ গৈছে আৰু ইয়াৰ বিপৰীতে প্ৰায় ৩,৪ গৰাকী গ্ৰাহকে বিলাহীৰ বিনিময়ত বিৰীয়ানী ক্ৰয় কৰিছে।" - উক্ত হোটেল খনৰ মালিক গ্নানাভেলৰ ভাষ্যৰ এইয়া।

এনে এক অপৰিকল্পনীয় ভাৱে দুৰ্লভ অৱস্থাত, ৰাজ্যৰ অধীনত থকা ফাৰ্ম - ফ্ৰেছ দোকান সমূহত বিলাহী বিক্ৰী কৰা হৈছে ৮০/- টকা মূল্যত।

উল্লেখযোগ্য যে চেন্নাই চহৰত প্ৰতি কিলো বিলাহীৰ দাম হৈছে ১৪০/- টকা আৰু আৰু উক্ত হোটেল খনৰ আধা কিলো বিৰিয়ানীৰ দাম হৈছে ৮০/- টকা।

অৱশ্যে, সেইয়া কেৱল বিলাহীৰ দাম নহয় যিয়ে ৰাইজক বিপাঙত পেলাইছে। ইয়াৰ লগতে অন্য বহুতো সামগ্ৰী যেনে গাখীৰ, খোৱা তেল আৰু বাহিনীৰ তেল, এই সকলো খিনিৰে নাটকীয় ভাৱে বৃদ্ধি পোৱা দামে ৰাজ্য খনৰ মধ্যবিত্ত পৰিয়াল সমূহৰ আৰ্থিক অৱস্থাত প্ৰচুৰ ভাৱে প্ৰভাৱ পেলাইছে।

বিভিন্ন শাক - পাচলি বিশেষ কৈ বিলাহীৰ মূল্য বিগত কিছু দিনৰ পৰা প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। স্বাভাৱিকতে ঠাণ্ডাৰ দিন সমূহত ২০/- টকা কেজি হিচাপে উপলব্ধি বিলাহীয়ে এইবাৰ বহুতো জিলাত ১০০ৰ ঘৰ পাৰ কৰিছে।


আৰু পঢ়ক: হিমেশ ৰেশমিয়াই মুম্বাইত ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাণু মণ্ডলক


Next Story
চাকৰি