Begin typing your search above and press return to search.

প্ৰতীক বিত্থল মহিতেঃ বিশ্বৰ সবাতোকৈ চাপৰ বডী বিল্ডাৰ

শেহতীয়াভাবে ভাৰতৰ এগৰাকী ব্যক্তিয়ে বিশ্বৰ সবাতোকৈ চাপৰ বডী বিল্ডাৰৰূপে স্বীকৃতি অৰ্জন কৰিছে।

প্ৰতীক বিত্থল মহিতেঃ বিশ্বৰ সবাতোকৈ চাপৰ বডী বিল্ডাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-08T14:33:58+05:30

ব্যক্তিজনৰ নাম প্ৰতীক বিত্থল মহিতে । মহিতেৰ উচ্চতা মাথোঁ ৩ ফুট ৪ইঞ্চি। বন্ধুৰ পৰামৰ্শ অনুসৰি যোগদান কৰিছিল এই প্ৰতিযোগিতাত আৰু তাত পৰাই সক্ষম হৈছিল ব্যক্তিজন এই সন্মানীয় খিতাপ অৰ্জন কৰিবলৈ। তেওঁ কয় যে, ভাৰতৰ বাবে এই সন্মানীয় খিতাপ অৰ্জন কৰিবলৈ পায় তেওঁ অতিকৈ গৰ্বিত অনুভৱ কৰিছে।

ইউটিউবৰ এটি ভিডিঅ' যোগে প্ৰতীকে ব্যক্ত কৰিছে নিজৰ নিয়মীয়া অনুশীলনী আৰু তেওঁৰ এই যাত্ৰাৰ বিষয়ে। তেওঁ কয়, গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰাটো তেওঁৰ সপোন আছিল, আৰু খিতাপ অৰ্জন কৰাটো তেওঁৰ বাবে এক সন্মানীয় কথা। মই অতিকৈ সুখী আৰু ইয়ে মোৰ জীৱনৰ সৰ্বোচ্চ কীৰ্তি"।



প্ৰতীকে অতিকৈ স্বাস্থ্যবান খাদ্য সামগ্ৰী গ্ৰহণ কৰে, আৰু বডি বিল্ডিঙৰ উপৰি বন্ধুৰ সৈতে ক্ৰিকেট খেলি ভাল পায়। পৰবৰ্তী পৰিকল্পনাৰ বিষয়ে ব্যক্ত কৰি তেওঁ কয় যে, ভৱিষ্যতে তেওঁ নিজাকৈ এটা জিম খোলাৰ পৰিকল্পনা কৰিছে।


আৰু পঢ়িব পাৰেঃ বুৰ্জ খলিফা থীমৰ দুৰ্গাপূজা মণ্ডপক লৈ ভাইৰেল শ্ৰীভূমি স্প'ৰ্টিং ক্লাব

Next Story