Begin typing your search above and press return to search.

ৰিয়েলিটী শ্ব' এংকৰৰ বৰ্ণবাদী মন্তব্যক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ

চীন ভাষাত কথোপকথন কৰিব পৰা বাবে তেওঁক এনেধৰণৰ ধেমেলীয়া নামেৰে সম্বোধন কৰা হৈছিল।

ৰিয়েলিটী শ্ব এংকৰৰ বৰ্ণবাদী মন্তব্যক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2021 10:41 AM GMT

কালাৰ্ছ চেনেলৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব'ট এগৰাকী অসমীয়া প্ৰতিযোগীৰ চিনাকী হিচাপে তেওঁক সম্বোধন কৰা "ম'ম", "চাওমিন" আৰু অনন্য চীন ভাষাৰ নামে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শ্ৰমৰ লগতে আন বহু লোকৰ জাতীয় প্ৰেমক আহত কৰিছে।

শেহতীয়াভাবে ইণ্টাৰনেট যোগ ভাইৰেল হৈছে "ডান্স ডীৱানে‌ ৩" নামৰ শ্ব' টোৰ এটি তাৰিখ বিহীন খণ্ড। এই খণ্ডটোত প্ৰত্যক্ষ হৈছে শ্ব' টোৰ এংকৰ ৰাঘৱ জুয়েলে এগৰাকী কিশোৰ প্ৰতিযোগীক কিছু অবান্তৰ নামেৰে সম্বোধন কৰা।

এই ভিডিঅ' টোৱে বৰ্তমান লৈকে বহু সংখ্যক লোকৰ ভিউছ পাবলৈ সক্ষম হৈছে। বহুতো লোকে এই ভিডিঅ' টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ লগতে অসমৰ মুখ্য মন্ত্ৰী হি বিশ্ব শৰ্মাই ডাঙৰীয়াও এনেধৰণৰ বর্ণবাদী মন্তব্যৰ বিৰুদ্ধে মাত মাতিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে লিখিছে যে, "শেহতীয়া ভাৱে মোৰ ধ্যানলৈ আহিছে যে এখন জনপ্ৰিয় ৰিয়েলিটী শ্ব' ৰ এংকৰে গুৱাহাটীৰ এগৰাকী প্ৰতিযোগীৰ বিৰুদ্ধে কিছু বৰ্ণবাদী প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে। এইয়া এক লজ্জাজনক কাণ্ড যাৰ কোনো ধৰণে মানি ল'ব পৰা নাযায়। বৰ্ণবাদে আমাৰ দেশত স্থান নাপায় আৰু আমি সকলোৱে ইয়াক বৰ্জন কৰা উচিত"।

অন্যহাতে ইনষ্টাগ্ৰাম যোগে এই ঘটনাৰ উজাগৰ কৰি এংকৰ গৰাকীয়ে কয় যে, এনেধৰণৰ নামে সম্বোধন কৰাৰ এক মাত্ৰ কাৰণ হৈছে, প্ৰতিযোগী গৰাকীৰ চীন ভাষাত কথোপকথন কৰিব পৰা দক্ষতা। যাৰ বাবে তেওঁক এনেধৰণৰ ধেমেলীয়া নামেৰে সম্বোধন কৰা হৈছিল। ইয়াৰ লগত বৰ্ণবাদৰ কোনো সম্পৰ্ক নাই।

তেওঁ কয় যে, "মাত্ৰ এটা সৰু ক্লিপৰ ভিত্তিত তেওঁক জোখতো যুক্তিসংগত নহয়। শ্ব' টোত পদাপৰ্ণ কৰিয়ে প্ৰতিযোগী গৰাকীয়ে চীন ভাষাত থকা নিজৰ দক্ষতাৰ কথা ব্যক্ত কৰিছিল, আৰু মোৰ ধেমেলীয়া প্ৰদৰ্শন তাৰ ভিত্তিতে আছিল"।


আৰু পঢ়ক : ৱেবছাইটত উপলব্ধ নে'টৰ প্ৰবেশ পত্ৰ : পৰীক্ষাৰ তাৰিখ-ডাউনলোড প্ৰক্ৰিয়া

Next Story
চাকৰি