Begin typing your search above and press return to search.
সোণেৰে মাস্ক তৈয়াৰ কৰি ল'লে মহাৰাষ্ট্ৰৰ শংকৰ কুৰাডে
সোণৰ মাস্কখন পাতল, উশাহ লোৱাত কোনো সমস্যা নাথাকে।

By :
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী। ইয়াৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহি আহিছে। প্ৰয়োজনীয় কামত ঘৰৰ বাহিৰলৈ গ'লে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আশ্বৰ্যজনক যে মহাৰাষ্ট্ৰৰ পুণেৰ শংকৰ কুৰাড নামৰ এজন ব্যক্তিয়ে নিজৰ বাবে তৈয়াৰ কৰি লৈছে সোণৰ মাস্ক। এই মাস্কৰ দাম হৈছে ২.৮৯ লাখ টকা।
এই সম্পৰ্কত কুৰাদে কয় যে সোণৰ মাস্কখন পাতল, উশাহ লোৱাত কোনো সমস্যা নাথাকে। গতিকে তেওঁ সোণৰ মাস্ক তৈয়াৰ কৰি লৈছে।শংকৰে শৰীৰত পৰিধান কৰে প্ৰায় ৩ কিলোগ্ৰামৰ সোণ। তেওঁৰ সোণৰ প্ৰতি আছে তেওঁৰ দুৰ্বলতা।
Next Story